গুৱাহাটী, ১৪ মে’ : Guwahati Crime News। মহানগৰীত আকৌ সংঘটিত হ’ল চাঞ্চল্যকৰ আৰু নৃশংস ঘটনা। ধীৰেণপাৰাত অৱস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা, য’ত এজন ছিকিউৰিটি গাৰ্ডে দাৰে আক্ৰমণ কৰে এখনেই এপাৰ্টমেণ্টত কাম কৰা এগৰাকী মহিলাক ।
আক্ৰমণকাৰী যুৱকজন হৈছে দিগন্ত গগৈ, যিয়ে বিগত দুবছৰ ধৰি উক্ত এপাৰ্টমেণ্টত ছিকিউৰিটী গাৰ্ডৰ কাম কৰি আহিছিল। আহত মহিলাগৰাকীৰ সৈতে দিগন্তৰ দুমাহৰ পূৰ্বে পৰিচয় হৈছিল আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত গঢ় লৈ উঠে পৰকীয়া সম্পৰ্ক। উল্লেখযোগ্য যে, দিগন্ত গগৈ আৰু মহিলাগৰাকী দুয়ো বিবাহিত।
সূত্ৰ অনুসৰি, সম্পৰ্কত ফাট ধৰা পিছতে মহিলাগৰাকীয়ে দিগন্তৰ বিৰুদ্ধে ভিডিঅ’ কলৰ স্ক্ৰীণ ৰেকৰ্ড ভাইৰেল কৰাৰ অভিযোগ তোলে আৰু এপাৰ্টমেণ্টৰ আৱাসীক এই সন্দৰ্ভত অৱগত কৰে। এই কথাত ক্ষুব্ধ হৈ দিগন্ত গগৈয়ে প্ৰতিশোধ ল’বলৈ কটাহবাৰীৰ মঙলবৰীয়া বজাৰৰ পৰা ২৫০ টকা দি ১৪ ইঞ্চিৰ এখন দা কিনে।
বুধবাৰে পুৱা ৮.৩০ বজাত মহিলাগৰাকী কামলৈ আহোতে দিগন্ত গগৈয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে। মূৰ আৰু ডিঙিত গুৰুতৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত ভৰ্তি কৰোৱা হয়।
ইতিমধ্যে ফটাশিল থানাৰ আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে।
এই ঘটনাই মহানগৰীৰ বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰিছে, বিশেষকৈ পৰকীয়া সম্পৰ্কৰ বাবেই একেৰাহে সংঘটিত হৈ থকা এনে নৃশংস ঘটনাসমূহে সমাজৰ নৈতিকতাক প্ৰশ্নৰ সন্মুখীন কৰি তুলিছে। এইটো হৈছে বিগত এটা সপ্তাহত গুৱাহাটী মহানগৰীত সংঘটিত চতুৰ্থটো এনে ঘটনাৰ উদাহৰণ।