Guwahati Crime News: দুটা হত্যাকাণ্ডঃ হত্যাকাণ্ডৰ কাৰণ পৰকীয়া প্ৰেম !

গুৱাহাটী মহানগৰীত দুটা দিনত দুটা হত্যাকাণ্ড।(Guwahati Crime News)

দেওবাৰে বশিষ্ঠত প্ৰথমটো হত্যাকাণ্ড।

সোমবাৰে গড়চুকত দ্বিতীয়টো হত্যাকাণ্ড।

হত্যাকাণ্ডৰ কাৰণ পৰকীয়া প্ৰেম।

দিন দুপৰতে উপৰ্যুপৰি ছুৰিকাঘাত যুকক।

দিনদুপৰতে মহানগৰীৰ গড়চুক চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰিলে মৃগাংক বৰ্মন নামৰ এজন যুৱকক।

যুৱক মৃগাংক বৰ্মনৰ ঘৰ নলবাৰীত। পেছাত এগৰাকী অভিনেতা মৃগাংক বৰ্মন। বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে মৃগাংক বৰ্মনে।

ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ পাৰ্কিঙৰপৰা এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰি মৃগাংকক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মৃগাংক বৰ্মনৰ।

এই হত্যাকাণ্ডৰে জড়িত ৰাজু আলী নামৰ এজন লোকক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

খবৰ অনুসৰি শুৱালকুছিৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰায় ৩ ঘণ্টাকৈ সময় অতিবাহিত কৰিছিল মৃগাংকই। মহিলাগৰাকীৰ সৈতে মৃগাংকৰ প্ৰেমৰ সম্পৰ্ক থকাৰো অভিযোগ।

বৰ্তমান হত্যাকাণ্ডটোৰ সন্দৰ্ভত অধিক তদন্ত চলাই আছে আৰক্ষীয়ে।

Related Articles