Guwahati Flood: গুৱাহাটীত আকৌ কৃত্ৰিম বান, বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল

গুৱাহাটীত আকৌ কৃত্ৰিম বান।(Guwahati Flood)

এজাক বৰষুণতে বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল

নেৰানেপেৰা বৰষুণ নহয়, এঘণ্টাৰ বৰষুণতে ডুবিল মহানগৰী।

পানীত বন্দী উন্নত মহানগৰীৰ ৰাইজ।

অনিল নগৰ, চানমাৰি, পাঞ্জাবাৰী, হাতীগাঁৱবাসীৰ হাহাকাৰ অৱস্থা।

ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানীও হয়।

পুৱাৰ ভাগত ভিন্ন প্ৰান্তত যান-জঁটৰ সৃষ্টি।

আনহাতে বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ ২৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে।

ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, দক্ষিণ শালমাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু মাজুলীলৈ ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Related Articles