Guwahati flood: এসাগৰ পানীত কক্‌বকনি গুৱাহাটীবাসীৰ

সাগৰ দেখিছা, দেখা নাই কেতিয়াও? গুৱাহাটী মহানগৰীত বহুতেই দেখিলে সাগৰ৷(Guwahati flood) বিগত প্ৰায় ৩৬ ঘণ্টা ধৰি চলি থকা অবিৰত বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত জনজীৱন বিপন্ন হৈ পৰে৷ একে দৃশ্যই দেখা যায় গুৱাহাটী মহানগৰীতো৷ ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী৷ কৃত্ৰিম বানে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য৷ যোৱা প্ৰায় ৩৬ ঘণ্টা ধৰি হোৱা বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত৷

অধিকাংশ পথতে একাঠু পৰ্যন্ত পানী হয়৷ শ শ বাহন ৰাজপথত আবদ্ধ হৈ পৰে৷ শিক্ষাৰ্থী, চাকৰিয়ালকে ধৰি সাধাৰণ যাত্ৰীসকলো ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে৷ চানমাৰি, জু-ৰোড, ভি আই পি ৰোড, ৰাজগড়, ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, খানাপাৰা, ছয়মাইল, পাঞ্জাবাৰী, যোৰাবাট আদি অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কৃত্ৰিম বানৰ ফলত ৰাজপথবোৰত নদীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰী৷ কামৰ তাগিদাত একাংশ লোকে লেতেৰা, দুৰ্গন্ধময় পানী গচকিয়ে কৰ্মস্থলী বা ঘৰলৈ ৰাওনা হৈছে৷ কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ প্ৰতিটো পথতে ভয়ংকৰ যানজঁটৰ সৃষ্টি হৈছে৷

ৰাজপথতে বিকল হৈ পৰিছে বহু বাহন৷ জানিব পৰা মতে ৰুক্মিণীগাঁৱৰ মূল পথৰ লগতে উপ-পথসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিগত দুটা দিনে অঞ্চলটো পানীত ডুব গৈ থকাৰ ফলত সেই অঞ্চলৰ লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ বিশেষকৈ খাদ্য-সামগ্ৰী আৰু খোৱাপানীৰ নাটনিয়ে দেখা দিছে৷ এছ ডি আৰ এফ, এন ডি আৰ এফ তথা প্ৰশাসনৰ লোকসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে৷ লগতে উদ্ধাৰ অভিযানো আৰম্ভ কৰিছে৷

কিন্তু একাংশ লোকে অভিযোগ কৰা মতে প্ৰশাসনে তেওঁলোকক কোনোধৰণৰ সুবিধা প্ৰদান কৰা নাই৷ মুঠতে কৃত্ৰিমবানত পণবন্দী গুৱাহাটীবাসী৷ এনে পৰিস্থিতিত লোকসকলে চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে৷ উল্লেখ্য আজিকোপতি কিন্তু মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰে৷ এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ৷ আজিও ৰাজ্যত অব্যাহত থাকিব বৰষুণ৷

Related Articles