গুৱাহাটীৰ চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণে এতিয়া নাগৰিকৰ প্ৰাণ কাঢ়িবলৈ লৈছে – ভূপেন বৰা

“ৰাজ্য চৰকাৰখনৰ চৰম অকর্মণ্যতাৰ বাবে যোৱা ২৬ মে’ত খাৰঘূলিত ‘জাইকা’ৰ পানীৰ পাইপৰ ভয়ংকৰ বিস্ফোৰণ ঘটি সুমিত্ৰা ৰাভা দাস নামৰ এগৰাকী মহিলাই প্ৰাণ দিব লগীয়া হোৱাৰ পিছত আজি পুনৰ গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণ ঘটি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়ে আগেয়ে শুনা ‘পানী মানুহৰ প্ৰাণ’ বোলা কথাষাৰ আজি অসাব প্রতিপন্ন হৈছে। এতিয়া চৰকাৰে যোগান ধৰা পানীয়ে গুৱাহাটীৰ নাগৰিকৰ প্ৰাণ ল’বলৈ উদ্যত হৈছে।”- আজিৰ গুৱাহাটীৰ জল-বিস্ফোৰণৰ পিছত এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্রেছ সভাপতি ভূপেন কুমাৰ বৰাই ।


সভাপতি বৰাই কয় যে সৌভাগ্যৰ কথা যে ভগৱানৰ কৃপাত আজিৰ ঘটনাত কোনো লোকে প্রাণ হেৰুৱাবলগীয়া নহ’ল । আজি প্ৰকাশ কৰা এটা বিবৃতিত শ্রীবৰাই কয় যে ঘটনাটোত এলেকাটোৰ বহু নাগৰিকৰ ঘৰ বিস্ফোৰণৰ পৰিণতিত হোৱা কৃত্রিম বানত বিপুলভাবে ক্ষতিগ্ৰস্ত হৈছে। বহু পৰিয়ালৰ ঘৰৰ আচবাব-পত্ৰ সম্পূর্ণ বিনষ্ট হৈছে, গাড়ী-মটৰৰ ক্ষতি হৈছে আৰু অঞ্চটোৰ সৰু ডাঙৰ অলেখ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যাপক ক্ষতিসাধন হৈছে।

সভাপতিগৰাকীয়ে বিবৃতিটোত কয় যে এটাৰ পিছত আনটোকৈ চৰকাৰী পানীৰ পাইপৰ বিস্ফোৰণে এতিয়া নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতিয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে। ইয়ে ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যর্থতা উদঙাই দিছে৷


বৰাই কয় যে প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক তুচ্চ-তাচ্ছিল্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে গুজৰাটত ইমান বৃহৎ বৃহৎ পাইপেৰে জনতাক পানী যোগান ধৰা হয় যে সেইবোৰেৰে তৰুণ গগৈয়ে সেই পাইপেৰে গাড়ী চলাই যাব পাৰিব। বিবৃতিটোত বৰাই কয়- “নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকা ৯ বছৰ হ’ল আৰু অসমত বি জে পি চৰকাৰ শাসনত বহা ৭ বছৰ হ’ল। তথাপি সেই মটৰ গাড়ী চলাব পৰা পানীৰ পাইপ অসম বা গুৱাহাটীৰ ৰাইজে আজিও নেদেখিলে কিয় ? কমিছনৰ লোভত অতি নিম্নমানৰ আৰু কম ধাৰণ ক্ষমতাসম্পন্ন পাইপেৰে গুৱাহাটীৰ নাগৰিকক পানী যোগান দিবলৈ যোৱাৰ বাবেই সঘনাই তাৰ পৰিণতি গুৱাহাটীৰ নাগৰিকে ভোগ কৰিবলগীয়া হৈছে, প্রাণ দিবলগীয়া হৈছে।”

গুৱাহাটী উন্নয়ন মন্ত্ৰীগৰাকীয়ে এই পাইপৰ কাম কংগ্ৰেছৰ দিনত হোৱা বুলি কৰা দায়সৰা মন্তব্যৰ উত্তৰ দি শ্ৰীবৰাই কয় যে বি জে পিৰ চৰকাৰে আৰু কেইদিনমানৰ পিছত গুৱাহাটীৰ পানীৰ পাইপৰ বিস্ফোৰণ ঘটিলে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুক জগৰীয়া কৰিবলৈয়ো হয়তো ধৃষ্টতা দেখুৱাব।


উল্লেখযোগ্য যে তথ্য অনুসৰি এই পানীৰ পাইপৰ প্ৰকল্পৰ কাম পূৰ্বে কৰিছিল ‘গেমন ইণ্ডিয়া লিমিটেড’ নামৰ প্রতিষ্ঠানটোৱে। পিছত চৰকাৰে ‘গেমন’ক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত ‘জাইকা’ নামৰ প্ৰতিষ্ঠানটোক ইয়াৰ পৰৱৰ্তী কাম-কাম চোৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল। যোৱা ২৬ মে’ত বিস্ফোৰণ ঘটা খাৰঘূলিৰ প্ৰকল্পৰো দায়িত্বত আছিল ‘জাইকা’ নামৰ জাপানৰ এই প্ৰতিষ্ঠানটো।

Related Articles