Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত অৱস্থিত ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা (Guwahati News)প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ৩ জুনত দিনযোৰা কাৰ্যসূচীৰে এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আঞ্চলিক কাৰ্যালয় গুৱাহাটীৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত স্বচ্ছতাই সেৱা, এজোপা গছ আইৰ নামত আৰু নিচামুক্ত ভাৰত এই তিনিটা বিষয়ত তথ্য সম্প্ৰচাৰ বিভাগৰ শিল্পীসকলে গীতে -মাতে ছাত্ৰ-ছাত্ৰীসকলক মাজত সজাগতাৰ সৃষ্টি কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিষয়া শিৱ বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাৰ আৰম্ভনিতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মথুৰা মোহন নাথে এটি ৰঙা চন্দন গছৰ পুলি বিদ্যালয় চৌহদত ৰোপন কৰে । শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ সমল ব্যক্তি নুৰ আজিজে স্বচ্ছতা ৰক্ষা, বৃক্ষ ৰোপনৰ উপকাৰিতা আৰু ধঁপাত সেৱনৰ অপকাৰিতা তথা নিচামুক্ত ভাৰত গঢ়া আদি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃত্বা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে শিক্ষক নুৰ আজিজৰ সজাগতা মূলক গীতৰ পুথি ‘ মৰম ‘ উন্মোচন কৰা হয়।

উপস্থিত ছাত্ৰী-ছাত্ৰীসকলক বিষয়বস্তুৰ সৈতে পৰিচিত কৰাৰ লগতে সমান্তৰালভাৱে যাতে জ্ঞানো লাভ কৰিব পাৰে সেই উদ্দেশ্যে বক্তব্য বিষয়ৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিশ গৰাকী ছাত্ৰ-ছাত্ৰীক তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়াসকলে উপহাৰ সামগ্ৰী প্ৰদান কৰে । বিষয়া নৃপেন তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ প্ৰাধান শিক্ষক উপেন গোস্বামী সমন্বিতে শিক্ষক ৰাতুল বৰা দিলীপ চন্দ্ৰ পাল যদুমনি দিহিঙীয়া কুলদীপ শেনছোৱা আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাও উপস্থিত থাকে।

Related Articles