চানমাৰি উৰণ সেতুৰে যাবলগীয়াসকলৰ বাবে জৰুৰী খবৰ।(Guwahati News)
স্তব্ধ হৈ পৰিছে মহানগৰীৰ RG বৰুৱা পথৰ চলাচল।
গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট।
চানমাৰি উৰণ সেতুৰ দুয়োটা দিশ বন্ধ কৰি দিয়া পিছৰে পৰা ভয়ংকৰ যানজঁট।
চলি আছে উৰণ সেতুৰ সংযোগীকৰণৰ কাম।
এটাকৈ দিশ বন্ধ কৰা হ’ব বুলি পূর্বে দিয়া হৈছিল জাননী।
হঠাতে বৃহস্পতিবাৰে বিয়লিৰে পৰা বন্ধ কৰি দিয়া হ’ল দুয়ো দিশৰ যাতায়াত।
চানমাৰি উৰণ সেতু নিৰ্মাণৰ বাবেই বন্ধ কৰিছে মূল পথ।
পথ বন্ধ হৈ পৰাত চানমাৰিত সৃ্ষ্টি হৈছে তীব্ৰ যানজঁট।
আগন্তুক কেইবা দিনলৈ বন্ধ থাকিব পথটো।
সংবাদ মাধ্যমক জনালে মহানগৰ জিলা আয়ুক্তই।
কোনকেইটা পথ ব্যৱহাৰ কৰিব লাগিব জনালে ট্ৰেফিক উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই।
বিকল্প পথসমূহ:
জু ৰোড দিশৰ পৰা অহা যানবাহনৰ বাবে:
1. অপূর্ব সিনহা পথ বা ৰাজগড় বোডেবে আগবাঢ়িব লাগিব।
2. ৰাজগড় ৰোডৰ পৰা দক্ষিণ শৰণীয়া পথ > জি এছ ৰোড > ডঃ বি বৰুৱা ৰোড > জি এন বি বোড ব্যৱহাৰ কৰিব পাৰিব।
চানমাৰি দিশৰ পৰা অহা যানবাহনৰ বাবে-
3. এম আৰ ডি বোডেবে বামুনিমৈদাম অভিমুখে আগবাঢ়িব।
4. এম আৰ ডি ৰোডৰ পৰা- হাতীগড় চাৰিআলি (বেলবে কলনী ৰোড) বা নুনমাটি-মঠঘৰীয়া পথ ব্যৱহাৰ কৰিব পাৰিব।
যাত্রী আৰু পণ্যবাহী বাহনৰ বাবে বিকল্প পথ-
5. আদাবাৰী দিশৰ পৰা জি এন বি আৰু এম আৰ ডি ৰোডেৰে অহা চিটি বাছ আৰু ই ভি বাছসমূহ পাথৰকুৱাৰী ৰাউণ্ডলৈ যাব।
6. গনেশগুৰি দিশৰ পৰা অহা বাছসমূহ জু ৰোড তিনিআলি লৈ গৈ এম টি ৰোডৰে মঠঘৰীয়া হৈ আদাবাৰীলৈ আগবাঢ়িব।
7. নুনমাটি দিশৰ পৰা চলা মেট্ৰ’ শ্বেয়াৰ টেক্সী (মেজিক) চানমাৰি আৰক্ষী পইণ্টলৈকে আহি এম আৰ ডি ৰোডত ইউ-টার্ণ লৈ নুনমাটি অভিমুখে উভতি যাব আৰু এই সময়ছোৱাত শাটল সেৱা ৰূপে চলিব।
তদুপৰি, সকলো চিটি বাছক যানজট হ্রাসৰ স্বাৰ্থত কেৱল বাঁওফালৰ পথেৰে শৃংখলাবদ্ধভাবে চলাচল কৰিবলৈ আৰু ওভাৰটেক নকৰিবলৈ কঠোৰভাৱে নির্দেশ দিয়া হৈছে।
এই সিদ্ধান্ত ২৯-০১-২০২৬ তাৰিখে অনুষ্ঠিত বিশেষ RTA সভাত সকলো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা হয়।
জনসাধাৰণৰ সহায়-সহযোগিতা আন্তৰিকভাবে কামনা কৰা হৈছে।

