Guwahati News: গীতে-মাতে, কথাই-কবিতাই সহমৰ্মিতাৰ দিন উদযাপন

১৯ মে’ সোমবাৰে উত্তৰ পুৰুষৰ মঞ্চ, অসমে(Guwahati News) মঞ্চৰ এগৰাকী উপদেষ্টা, পঞ্জীয়ন সমিতিৰ সভাপতি, অৱসৰী অধ্যাপক, ড° অনিমা বৰাৰ জন্মদিনটো “সহমৰ্মিতাৰ দিন” হিচাপে উলহ-মালহেৰে পালন কৰে। এবাৰ সাক্ষাৎকাৰ এটিত ড° বৰাই কৈছিল সুখী জীৱনৰ বাবে দৰকাৰী বিষয় হ’ল — সহনশীলতা, বুজাবুজি, সহমৰ্মিতা। সহমৰ্মিতা মানে সহানুভূতিশীলতা, লোকৰ দুখত সমভাগী হোৱা। তেখেতৰ কথাৰ আঁত ধৰি মঞ্চই প্ৰতি বছৰে “সহমৰ্মিতাৰ দিন” হিচাপে পালনৰ যো-জা কৰে।

তদুপলক্ষে ড° বৰাৰ মহানগৰীৰ জাপৰিগোগস্থিত নিজা বাসগৃহত অনুষ্ঠিত হোৱা এই বিশেষ দিনটো বন্তি প্ৰজ্বলন কৰে উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড° মৰমী বৰঠাকুৰ তালুকদাৰে। বন্তি প্ৰজ্বলকৰ ভাষণত কেইবাখনো গ্ৰন্থৰ ৰচয়িতা, অৱসৰী অধ্যাপক বৰঠাকুৰে কয় যে এনে অনুষ্ঠানে ভগ্নপ্ৰায় সমাজখনলৈ এটি ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি উত্তৰ পুৰুষৰ মঞ্চৰ এনে পদক্ষেপৰ প্ৰশংসা কৰে। মঞ্চৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ হালৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটো অনাতাঁৰ শিল্পী শিখামণি দত্তৰ এটি উদ্বোধনী গীতেৰে আৰম্ভ হয়।


ইয়াৰ পিছতে ড° অনিমা বৰাৰ জন্মদিনৰ উপহাৰ হিচাপে মঞ্চৰ তৰফৰ পৰা এখনি বুটা বচা ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় মাহেকীয়া আলোচনী ‘জোনাক’ৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই, চেলেং চাদৰ প্ৰদান কৰে মঞ্চৰ সক্ৰিয় কৰ্মী ববিতা বৈশ্য লহকৰে, এটি স্মাৰক প্ৰদান কৰে মঞ্চৰ উপদেষ্টা ড° মৰমী বৰঠাকুৰ তালুকদাৰে, এখন আটক-ধুনীয়া সম্বৰ্ধনা পত্ৰ প্ৰদান আৰু পাঠ কৰে পুলকেশ ৰায় বৰুৱাই, মিঠাইৰ টোপোলা দিয়ে অহিৰণ অন্তৰীপ হালৈয়ে । লগতে ববিতা বৈশ্য লহকৰে এটি শুভেচ্ছামূলক কবিতা ফ্ৰেমত বন্ধাই প্ৰদান কৰে। তাৰ পিছতে এটি ডাঙৰ কে’ক কাটি সকলোৱে ড° অনিমা বৰা বাইদেউক জন্মদিনৰ শুভেচ্ছা জনাই।


এই সোণসেৰীয়া অনুষ্ঠানটোত ড° বৰাৰ সৰু জোৱাই জয়দেৱ পাঠক, ডাঙৰ জীয়াৰী ডাঃ নৱমিতা বৰা, অনাতাঁৰ শিল্পী ৰঞ্জিতা বিশ্বৱাল আৰু কম্পীমণি ডেকাই সুমধুৰ গীত পৰিৱেশনৰে পৰিবেশটো সতেজ কৰি তোলে। কবিতা আবৃত্তি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে জনপ্ৰিয় আবৃত্তিকাৰ নৱ ডেকাই। সহমৰ্মিতাৰ দিনটোত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে উত্তৰ পুৰুষৰ মঞ্চৰ সন্মানীয় সভাপতি ড° দিব্যজ্যোতি মহন্ত, প্ৰখ্যাত চিকিৎসক ডাঃ জোতি প্ৰসাদ কলিতা, ডাঃ চুভেন্দু বিশ্বৱাল, ফুকন ৰাজবংশী, কস্তুৰী বৰাই, ৰঞ্জিত সিনহা। আন কেইগৰাকীমান অভ্যাগত উপস্থিত থকা অনুষ্ঠানটোৰ মধ্যমণি ড° অনিমা বৰাই সদৌ শেষত নিজৰ জন্মদিনটো এনেদৰে আকৰ্ষণীয় ৰূপত পালন কৰাত নিজকে ধন্য হোৱা বুলি প্ৰকাশ কৰে আৰু মঞ্চৰ এই কাৰ্যৰ শলাগ হয়। শেষত ৰসাল কথাৰে মনোভাৱ ব্যক্ত কৰি শলাগৰ শৰাই আগবঢ়ায় কবি, লেখক পুলকেশ ৰায় বৰুৱাই।

Related Articles