Breaking

জনজাতিকৰণ দাবীত দিছপুৰ লাষ্টগেট, গুৱাহাটীত সদৌ মটক যুৱ-ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট

0 1,388

দৈনন্দিন বাৰ্তা ডেস্ক : বছৰ বছৰ ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰা দূৰত্ব বজাই ৰখা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ স্থিতি প্ৰদৰ্শন কৰিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে। অসমৰ অন্যতম ভূমিপুত্ৰ মটক আৰু কোচ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। মটক আৰু কোচ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ দাবীকে ধৰি জনগোষ্ঠী দুটাৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ লগতে কোচ জনগোষ্ঠীৰ অন্যান্য সংগঠনৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, মটক আৰু কোচ জনগোষ্ঠিক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক, বি জে পি হুচিয়াৰ ইত্যাদি শ্লগানেৰে গুৱাহাটীৰ আকাশ বতাহ কপাই তুলি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ অন্তত দুয়োটা সংগঠনে সুকীয়াকৈ নিৰ্দিষ্ট দাবী সম্বলিত স্মাৰক পত্ৰ দিশপুৰ দণ্ডাধীশৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কই যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰ্জোঁ‌ট চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰনৰ নামত কেৱল ৰাজনীতিয়ে নহয় চৰম অপমান কৰা বুলি মত প্ৰকাশ কৰে। শেহতীয়াকৈ বিগত বৰ্ষৰ ৰাজ্যিক কেবিনেটে মটক জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব বুলি ঘোষনা কৰিছিল, কিন্তু আজিকোপতি ৰাজ্য চৰকাৰে স্বায়ত্ব শাসন প্ৰদান নকৰিলে। চৰকাৰৰ এনে মৈমতালিক সংগঠনটোৱে তীব্ৰ গৰিহনা দিয়ে।উক্ত কাৰ্যসূচীত কোচ যুৱ পৰিষদৰ সভাপতি পৰাগ কোচ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তুষাৰ ৰঞ্জণ চেতিয়া, সহকাৰী সম্পাদক দিগন্ত দত্তকে ধৰি সংগঠনৰ কেন্দ্ৰীয়,জিলা আৰু আঞ্চলিক সমিতিৰ আন আন সদস্যসকল উপস্থিত থাকি প্ৰতিবাদ সাবস্ত্য কৰে।

Leave A Reply