Breaking

১৭-১৮ ফেব্ৰুৱাৰীত গুৱাহাটী স্পিক-মেকে-ৰ “শ্ৰুতি অমৃত” কাৰ্যসূচী…

0 74

অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছ’চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথ (SPIC MACAY)ৰ সহযোগিতাত ১৭-১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী “শ্ৰুতি অমৰুত”কার্যক্ৰম আগবঢ়াব।
স্পিক-মেকে হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত, নৃত্য, সংস্কৃতিক যুৱক-যুৱতীসকলৰ মাজত প্ৰচাৰ কৰা এক অ-লাভজনক সংস্থা। ১৯৭৭ চনত আৰম্ভ হোৱা এই সংস্থাটোৱে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত কাম কৰি আহিছে।অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব দুদিনীয়া কাৰ্যসূচী। প্ৰথম দিন – ১৭ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে বিশ্ববিদ্যালয় চৌহদত ৱাৰ্চি ব্ৰাদাৰ্চৰ কাৱালি অাৰু চিকিমৰ লোকশিল্পীৰ দ্বাৰা চিংহি লোকনৃত্য পৰিবেশন কৰা হ’ব ৷ দ্বিতীয় দিন ১৮ ফেব্ৰুৱাৰি তাৰিখে গুৱাহাটীৰ আই টি এ প্ৰাগজ্যোতি-ত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়া আৰু উস্তাদ শ্বাহিদ পাৰভেজ খানৰ ক্ৰমে বাঁহী অাৰু চেতাৰৰ অনুষ্ঠান আগবঢ়োৱা হ’ব।


এই উপলক্ষে অায়োজন কৰা এখন সংবাদমেলত সাংবাদিক সকলক সম্বোধন কৰি বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে কয় – এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক সচেতনতা আৰু সংবেদনশীলতা বৃদ্ধি আৰু তেওঁলোকক চহকী ঐতিহ্যৰ বিষয়ে অধিক জানিবলৈ উৎসাহিত কৰা ৷ ইয়াৰ লগতে অাছে ভ্ৰাতৃত্ববোধৰ প্ৰসাৰৰ ধাৰণা ৷ এই অনুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীসকলক শিল্পী আৰু বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব আৰু তেওঁলোকৰ বিপুল জ্ঞান আৰু অভিজ্ঞতাৰ পৰা বিভিন্ন কথা শিকাৰ সুযোগ লাভ কৰিব। আমি, SPIC MACAY-AdtU Chapter এ SPIC MACAY-AdtU Chapter ৰ সৈতে এই সাংস্কৃতিক কাৰ্যসূচীৰ বাবে সহযোগিতা কৰি আনন্দিত হৈছো। আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ বৈচিত্ৰ্যৰ কথাৰে অামি উজ্জীৱীত হও অাৰু আশা কৰোঁ যে এই কাৰ্যসূচীয়ে ছাত্ৰছাত্ৰী সকলক আমাৰ চহকী সাংস্কৃতিক উত্তৰাধিকাৰৰ ৰাষ্ট্ৰদূত হ’বলৈ অনুপ্ৰাণিত কৰিব।’ সংবাদ মেলত ৰেজিস্ট্ৰাৰ অসীম বৰ্মন, ডেপুটি ৰেজিষ্ট্ৰাৰ ডঃ ইয়াহিয়া মজুমদাৰ, ডীন উৎপল দত্ত, মিছিমি ভৰালী, ৰীতিস্মিতা দেবী, নিবেদিতা বৈশ্য আদিও উপস্থিত থাকে ।
এই অনুষ্ঠান সকলো ছাত্ৰ-ছাত্ৰী আৰু আগ্ৰহী গুৱাহাটীবাসীৰ বাবে মুকলি আৰু বিনামূলীয়া। আগ্ৰহী দৰ্শকে SPIC MACAY AdtU Chapter’s Facebook page ত দিয়া লিংকত অনুষ্ঠানটোৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

Leave A Reply