Breaking

গুৱাহাটীৰ সৈতে বৰাকৰ যোগাযোগ বিচ্ছিন্ন!

0 2,051

আজিৰে পৰা ৩ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শিলচৰ-জোৱাই ৰোড। শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰ দলং মেৰামতিৰ বাবে ১৫ মার্চলৈকে এই দলংখনেদি সকলো ধৰণৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ইষ্ট জয়ন্তীয়া হিল্চ জিলা প্রশাসনে। ইয়াৰ পূৰ্বে দুবাৰকৈ এনে নিষেধাজ্ঞা আছিল যদিও সৰু সৰু যান-বাহন চলাচলৰ অনুমতি দিছিল।

কিন্তু এইবাৰ সম্পূর্ণৰূপে ৩ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল শিলচৰ-জোৱাই ৰোড৷ ইয়াৰ বাবে ৰাজধানী গুৱাহাটীসহ দেশৰ আন আন ঠাইৰ সৈতে ৰাজপথেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল বৰাকৰ৷ এতিয়া গুৱাহাটীৰ পৰা শিলচৰলৈ কেৱল হাফলং হৈহে যাব পাৰিব।

Leave A Reply