Breaking

হাফিজ চৈয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা ভাৰত চৰকাৰৰ…

0 2,050

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা কৰিছে ভাৰত চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰ হাফিজ তালহা চয়ীদক বেআইনী (কাৰ্যকলাপ) প্ৰতিৰোধ আইন(ইউএপিএ)ৰ অধীনত “সন্ত্ৰাসবাদী” হিচাপে ঘোষণা কৰাৰ কথা আজি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ দপ্তৰে এতিয়ালৈকে মুঠ ৩২ জন লোকক উক্ত আইনৰ অধীনত সন্ত্ৰাসবাদী হিচাবে ঘোষণা কৰিছে। ২০১৯ চনত সংশোধন কৰা বেআইনী (কাৰ্যকলাপ) প্ৰতিৰোধ আইন(ইউএপিএ)ৰ অধীনত ইতিমধ্যে ভাৰতে লস্কৰ ই তৈবাৰ মুৰব্বী হাফিজ চয়ীদক সন্ত্ৰাসবাদী ঘোষণা কৰি থৈছে। উল্লেখ্য পূৰ্বে এই ব্যৱস্থা কেৱল সন্ত্ৰাসবাদী সংগঠনক বে-আইনী ঘোষণাৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল । কিন্তু শেহতীয়া সংশোধনৰ জৰিয়তে আইন খনৰ অধীনত কোনো ব্যক্তিকো নিষিদ্ধ কৰা বা সন্ত্ৰাসবাদী ঘোষণা কৰাটো সম্ভৱ হৈছে।


কেন্দ্ৰীয় গৃহ দপ্তৰে কয় যে “হাফিজ তালহা চয়ীদে ভাৰতত লস্কৰ ই তৈবাৰ হৈ পুঁজি সংগ্ৰহ, কূটাঘাতৰ পৰিকল্পনা আৰু সেয়া কাৰ্যকৰী কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছে”। ভাৰত, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে চয়ীদে পশ্চিমীয়া দেশত অপপ্ৰচাৰ চলাই অহা বুলিও ভাৰতে মন্তব্য কৰিছে। উল্লেখ্য ১৯৭৫ চনৰ ২৫ অক্টোবৰত জন্মগ্ৰহণ কৰা তালহা চয়ীদ পাকিস্তানৰ লাহোৰৰ বাসিন্দা।
তেওঁ ভাৰতত লালকিল্লা আক্ৰমণ (২০০০), ৰামপুৰ আক্ৰমণ (২০০৮), ২৬/১১ মুম্বাই আক্ৰমণ (২০০৮) আৰু জম্মু-কাশ্মীৰৰ উধামপুৰত বিএছএফৰ কনভয়ত আক্ৰমণ (২০১৫)ৰ ঘটনাৰ সৈতে জৰিত আছিল বুলি গৃহ দপ্তৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

Leave A Reply