হাতীধুৰাত বি পি এফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী

৩০ অক্টোবৰত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ বাবে অন্যান্য ৰাজনৈতিক দলবোৰৰ দৰে সমষ্টিটোত বি পি এফ দলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ সমৰ্থনত আজি সমষ্টিটোৰ অন্তৰ্গত হাতীধুৰাত বি পি এফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত বি পি এফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় সমষ্টিটোৰ জনপ্ৰিয় চাৰি বাৰৰ বিধয়ক প্ৰয়াত মাজেন্দ্ৰ নাথ নাৰ্জাৰীয়ে যি দৰে সমষ্টিৰ উন্নয়নমূলক কাম কাজ  কৰিছিল ঠিক সেইদৰে প্ৰয়াত বিধায়ক গৰাকীৰ ৰাজনৈতিক শিষ্য তথা বি পি এফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীও জয়ী হোৱাৰ পিছত উন্নয়ন মূলক কাম কাজৰ ধাৰা অব্যাহত ৰাখিব ।মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশীদাৰ দল ইউ পি পি এল দলক তীব্ৰ সমালোচনা কৰি কয় যে ইউ পি পি এল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ বড়ো জাতিটোকে সুৰক্ষা দিব নোৱাৰে তেনে ক্ষেত্ৰত অন্যান্য জাতিক কেনেকৈ সুৰক্ষা দিব । বি টি চিক বিক্ৰী কৰি খোৱা প্ৰমোদ বড়োৱে সমষ্টিৰ উন্নতি কেনেকৈ কৰিব বুলিকৈ প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে । সমষ্টিটোৰ খাচ মাটিত দীৰ্ঘ দিনৰে পৰা বসবাস কৰা লোক সকলক গৰু খুটিৰ দৰে উচ্ছেদ নকৰি মাটিৰ পট্টা দিয়া হব বুলি উল্লেখ কৰি বিপিএফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্মক নাঙলৰ ছবিত ভোটদি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় বি পি এফৰ সভাপতি গৰাকীয়ে । সমষ্টিটোত ইউ পি পি এল দলৰ কোনো কাম নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বিধায়ক সকল ৰাইজৰ পৰা ভোটলৈ নিৰ্বাচনত জিকি সমষ্টিৰ ৰাইজক পাহৰি যায় । পেট্ৰলকে ধৰি অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্য বৃদ্ধি কৰি ধন উপাৰ্জন কৰা বি জে পি দলৰ পৰা টকা লৈ নাঙলৰ ছবিত ভোট দিয়াৰ বাবে স্বভাব সুলভ ভংগিমাৰ ৰাইজক আহ্বান জনায় মহিলাৰীয়ে ।  হাতীধুৰা ব্ল’ক বি পি এফৰ সভাপতি সঞ্জীব ভদ্ৰই পৰিচালনা নিৰ্বাচনী সভা খনত বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীকে ধৰি বিপি এফৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা সকলে বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীক নাঙলৰ ছবিত ভোটদি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনাই ভাষণ প্ৰদান কৰে ।

Related Articles