তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ…

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচি চলাই আছে— হাগ্ৰামা

নিৰ্বাচনত বান্দৰ মিঞা যাব সুন্দৰ মিঞা আহিব৷ আমাৰ দললৈ সুন্দৰ মিঞা আহিব৷

ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে।

প্ৰমোদ বড়োই এবছু অফিচৰ পৰাই বিটিচি চলাই আছে–এই অভিযোগ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ৷ আজি তামুলপুৰৰ সমষ্টিৰ বিভিন্ন ঠাইত বিপিএফৰ প্ৰাৰ্থীৰ হৈ দিনযোৰা কাৰ্যসূচীৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত এই অভিযোগ কৰে ৷প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিপিএফ ত্যাগ কৰি ইউপিপিএল দললৈ গমন সন্দৰ্ভত সাংবাদিকৰ আগত মহিলাৰীযে কয়— চন্দন কেতিয়া যাব ৷ সদায় গৈ থাকে বুলি কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্মৰ নাম দিলে “হব মন্ত্ৰী”। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মকে আদি কৰি বিপিএফৰ কেইবাগৰাকীও শীৰ্ষ নেতা কৰ্মী বিজেপি, ইউপিপিএল দলত যোগদান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰী কয়– বান্দৰ মিঞা যাব, সুন্দৰ মিঞা আহিব। বিপিএফ দললৈ সুন্দৰ মিঞা আহিব বুলি তেওঁ দাবী কৰে ৷

আগন্তুক লোকসভা নিৰ্বাচনত ড্ৰাইভাৰৰ অভাৱত হেলিকপ্টাৰ নুঘূৰাই হাগ্ৰামা মহিলাৰীয়ে। ড্ৰাইভাৰ বিচাৰি হেনো হায়ৰান হৈ পৰিছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী। ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ আজি দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ দলৰ সন্দৰ্ভত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমত বিভিন্ন কথা কোৱাত হাগ্ৰামা মহিলাৰীয়ে কয়—প্ৰমোদ বড়ো বিপিএফৰৰ উপদেষ্টা নহয় ৷ ইউপিপিএল দলৰ হে সভাপতি যদিওঁ প্ৰমোদ বড়োই একো নাজানে। প্ৰমোদ বড়োই এবছু অফিচৰ পৰা বিটিচিখন চলাই থকাৰ অভিযোগ আনে। আনহাতে নিৰ্বাচনৰ পিছত ইউ পি পি এল দলৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ কাম নোহোৱা হব বুলি মন্তব্য কৰি বিটিচিৰৰ উপৰিও আন পাঁচ সমষ্টিতো বিপিএফ দলৰ স্থিতি সবল বুলি দাবী কৰে ৷

আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰৰ আল্লিয়া পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই তামুলপুৰৰ দলীয় কাৰ্যালয়ত এখন যোগদান সভাত অংশ গ্ৰহণ কৰে হাগ্ৰামা মহিলাৰী। বিপিএফৰ কাৰ্যালয়ত আজি মহিলাৰীৰ উপস্থিত বিজেপি, ইউ পি পি এল আৰু জি এছ পি দলৰ শতাধিক লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। বিজেপিৰ বাক্সা জিলা সমিতিৰ প্ৰাক্তন নেতা ৰিংচাৰ বড়ো আৰু প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি তৰণী বৈশ্যৰ নেতৃত্বত শতাধিক লোকে বিপিএফত যোগদান কৰে৷
তামুলপুৰ জিলা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ গোপীনাথ ব্ৰহ্ম, মুখ্য আহ্বায়ক দীপক ডেকা, তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ লগতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মোছাহাৰী, যুৱ বিপিএফৰ সভাপতি শৰৎ দাস উপস্থিত থাকে৷ আনহাতে আবেলি তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰমসিং, চলিকান্দা, বৰবিলাত নিৰ্বাচনী প্ৰচাৰ চলায়‌ মহিলাৰীয়ে।

Related Articles