নতুন ৰূপত নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচন — ‘অমৃত ভাৰত ষ্টেচন আঁচনি’ৰ অন্তৰ্গত গৌৰৱময় উদ্বোধন । Haibargaon Railway Station 

২২ মে’২০২৫: Haibargaon Railway Station  । ঐতিহাসিক নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনে আজি লাভ কৰিছে এক আধুনিক আৰু আকৰ্ষণীয় ৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰা **‘অমৃত ভাৰত ষ্টেচন আঁচনি’**ৰ অধীনত, দেশজুৰি ১০৩ টাকৈ ৰে’ল ষ্টেচনৰ সৈতে পুনৰ নিৰ্মাণ সম্পন্ন হৈছে এই ষ্টেশনটো।

১৮৮৭ চনত স্থাপিত হয়বৰগাঁও ষ্টেচনক ১৫ কোটি ৮৫ লাখ টকাৰ ব্যয়ত আধুনিক ৰূপত গঢ়ি তোলা হৈছে। প্ৰতিদিনে প্ৰায় ১২০০ যাত্ৰীৰ সমাগম হোৱা এই ষ্টেশনখন নগাঁও চহৰৰ বাণিজ্যিক ক্ষেত্ৰৰ অন্যতম কেন্দ্ৰস্থল

ৰাজ্যবাসীৰ দীঘলীয়া প্ৰত্যাশা পূৰণ হোৱাৰ লগে লগে নগাঁৱৰ ৰাইজে উলহ-মালহ প্ৰকাশ কৰিছে।

🔹 বিশেষ অতিথি হিচাপে উপস্থিত আছিল অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, যিয়ে উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ এখন বিশেষ নিৰীক্ষণ যানত গৈ নগাঁৱত উপস্থিত হয়।

🔹 লগতে ষ্টেচনটোত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ষ্টেচনৰ উদ্বোধন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰি কয়—
“গৌৰৱ গগৈ সংক্ৰান্তত, ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিৱ।”

এই নতুন ৰূপত গঢ়ি উঠা হয়বৰগাঁও ৰেল ষ্টেচনে আগন্তুক দিনত যাত্ৰীৰ সুবিধা আৰু গৌৰৱৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ আশা প্ৰকাশ কৰিছে ৰেল বিভাগে।

Related Articles