Hajo Kobi Sanmilon: সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত তীৰ্থ নগৰী হাজোত ‘হাজো কবি সন্মিলন’ গঠন

বিশিষ্ট কবি তথা (Hajo Kobi Sanmilon) কামৰূপ জিলা কবি সন্মিলনৰ উপ সভাপতি মনোৰঞ্জন ডেকাৰ তত্ত্বাবধানত আৰু কিচিম দাসৰ লগতে বিবেকা নন্দ দাসৰ আহ্বানত কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোত ইংৰাজী ২১-১২-২০২৫ তাৰিখে সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ‘হাজো কবি সম্মিলন’ গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে অসমবাসীৰ হিয়াৰ আমঠু,গণশিল্পী, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই কন্ঠশিল্পী সোনেশ্বৰ দাসে প্ৰিয় শিল্পী গৰাকীৰ এটি গীত পৰিবেশন কৰে। হাজোস্থিত মুক্তি যুজাৰু সম্ভুৰাম মেধি কমপ্লেক্সৰ চন্দ্ৰমা সভাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক, অসম চৰকাৰৰ প্ৰাক্তন বন বিষয়া তথা কবি মধুৰাম দাসে।

সভাত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি তথা নাৰেংগী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° লখিমী গগৈ, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা,কামৰূপ জিলা কবি সন্মিলনৰ সভাপতি জগন্নাথ কলিতা, কামৰূপ জিলা কবি সন্মিলনৰ উপ সভাপতি ভবেশ ডেকা আৰু মনোৰঞ্জন ডেকা, কামৰূপ জিলা কবি সন্মিলনৰ সম্পাদক অচ্যুৎ কলিতা, সদৌ অসম কবি সন্মিলনৰ যুৱ শাখাৰ উপ সমিতিৰ ৰাজ্যিক সমন্বয়ক পঞ্চমী সৰকাৰ, কামৰূপ জিলা কবি সন্মিলনৰ কোষাধ্যক্ষ শুক্লেশ্বৰ মালী, কামৰূপ জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য জোন জোনালী ডেকা, বিশিষ্ট সমাজসেৱক তথা কবি নীলকান্ত দাস, প্ৰমুখ্যে বৃহত্তৰ হাজো অঞ্চলৰ বিশিষ্ট কবি, লেখক ও ভালেমান স্থানীয় গণ্যমান্য লোক। অনুষ্ঠানটোত সভাৰ উদ্দেশ্য বাখ্যা কৰে কবি কিচিম দাসে। তেখেতে উদ্দেশ্য বাখ্যাত ‘হাজো আঞ্চলিক কবি সমাজ’ক আনুষ্ঠানিকভাৱে সদৌ অসম কবি সন্মিলনৰ এটি শাখা হিচাপে অন্তৰ্ভুক্ত কৰাবৰ বাবে আহ্বান জনায়।

উক্ত আহ্বানৰ প্ৰতি সঁ‌হাৰি জনাই সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি ড° লখিমী গগৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা আৰু কামৰূপ জিলা কবি সন্মিলনৰ সভাপতি আৰু সম্পাদক ক্ৰমে জগন্নাথ কলিতা আৰু অচ্যুৎ কলিতাই সদৌ অসমৰ কবি সন্মিলনৰ সাংগঠনিক দিশৰ বিষয়ে বিতংভাৱে অৱগত কৰে। সভাত সকলোৰে সৰ্বসন্মতি ক্ৰমে বিশিষ্ট কবি কিচিম দাসক সভাপতি, বিবেকা নন্দ দাসক সম্পাদক, যতিন দাস আৰু ড° পংকজ নমঃ শূদ্ৰক উপ সভাপতি, উমেশ উদ্ধৱ আৰু দ্বিপেন মালাকাৰক সহকাৰী সম্পাদক, সোনেশ্বৰ দাস(সোনৰাম)ক কোষাধ্যক্ষ, অনামিকা কলিতা আৰু বিনীতা দাসক প্ৰচাৰ সম্পাদক, ৰিজুমণি ভূঞাক সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ ভৰালীক পত্ৰিকা সম্পাদক, আৰু কাৰ্যনিৰ্বাহক সদস্য-সদস্যা হিচাপে ক্ৰমে স্বৰ্ণলতা মালাকাৰ, তিলক চন্দ্ৰ দাস, দেৱ কুমাৰ ডেকা, গজেন বৈশ্য, গজেন দাস, আছগৰ আলী,মণিমা দাস, ভূপেন চন্দ্ৰ দাস আৰু দিজুমণি তালুকদাৰকলৈ হাজো কবি সন্মিলনখনি পূৰ্ণাংগৰূপত গঠন কৰা হয়। উপৰোক্ত ব্যক্তি সকলৰ উপৰিও সভাত উপস্থিত থকা অনান্য ব্যক্তি সকলক হাজো কবি সন্মিলনৰ সাধাৰণ সদস্য হিচাপে মনোনীত কৰা হয়।

উপদেষ্টা হিচাপে মনোনীত কৰা বিশিষ্ট ব্যক্তি সকল হ’ল মনোৰঞ্জন ডেকা, মধুৰাম দাস, দেৱেশ্বৰ কলিতা আৰু নীলকান্ত দাস। উক্ত অনুষ্ঠানটিত দুকুৰি জনতকৈও অধিক কবিয়ে স্ব-ৰচিত কবিতা পাঠ ও গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। উল্লেখ্য যে উক্ত সভাতেই ‘কবিতাৰ মধুকোষ’ নামৰ কবিতা সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক নীলকান্ত দাসে। সভাত সভাপতিৰ ভাষনৰ পিছতেই শলাগৰ শৰাই আগবঢ়াই নৱ নিৰ্বাচিত সভাপতি কিচিম দাসে। অনুষ্ঠানৰ শেষত সদৌটিকে কাব্যমন্ত্ৰ পাঠ কৰোৱায় সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই।

Related Articles