হাজোত আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ‘হৰ ঘৰ তিৰংগা’ ৰ সজাগতাৰ বাবে হাজো আৰক্ষীৰ পদযাত্ৰা…

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাই আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপুতি উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে হৰ ঘৰ তিৰংগা শীৰ্ষক এক পদযাত্ৰা উলিয়াই । এই সজাগতামূলক পদযাত্ৰা হাজোৰ পতনিৰ সমীপৰ পৰা হাজো পাখামেলা চকলৈ উলিয়াই আৰক্ষীৰ জোৱান সকলে ।

দেশপ্ৰেমমূলক গীত পৰিৱেশন আৰু শ্লোগানৰ জৰিয়তে পদযাত্ৰাত অংশগ্ৰহণ কৰা হাজোৰ আৰক্ষী সকলে ৰাইজক তিৰংগাৰ প্ৰতি আকৰ্ষিত কৰি তোলে । ইফালে হাতৰ বন্দুক এৰি থৈ জোৱান সকলে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাবে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি জাতীয় পতাকাৰ সজাগতাৰ বাবে ৰাইজৰ মাজত দেশপ্ৰেমৰ ধ্বজা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰে ।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্বাৰেল দৈমাৰীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি সমূহ হাজোবাসীকে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই আজাদী কা অমৃত মহোৎসৱ সফল কৰি পতাকাৰ মৰ্য্যদা অটুট ৰাখিবলৈ আহ্বান জনায় ।

Related Articles