হাজোৰ শনিয়াদিত ভতিজাকে প্ৰাণ লʼলে খুড়াকৰ। দুজন আহত, হত্যাকাৰী আদাৰ আলীক আটক…

হাজোৰ শনিয়াদীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। ভতিজাকৰ হত্যাৰ বলি হয় খুড়াক। অভিযুক্ত ভতিজাক আদাৰ আলীৰ হত্যাৰ বলি হোৱা ব্যক্তিজন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত শনিয়াদি বেলগুৰিৰ আতাৰ আলী (৫৮)। উত্থাপিত অভিযোগ অনুসৰি, হত্যাৰ বলি হোৱা ব্যক্তিজনৰ ভতিজাক আদাৰ আলীয়ে কালি নিশা প্ৰায় এক বজাত চুৰিৰে ডিঙি ৰেপি হত্যা কৰে খুড়াকক। কি কাৰণত এনে ঘটনা সংঘটিত কৰিলে অদ্যপিও জানিব পৰা হোৱা নাই। ইপিনে জানিব পৰা মতে, মৃত আতাৰ আলীক কৰা আক্ৰমণত বাধা প্ৰদান কৰাত মফিজুদ্দিন আলী (৫৫) আৰু নিজামুদ্দিন আহমেদ (৫২) নামৰ আন দুজন লোককো আক্ৰমণ কৰে আদাৰ আলীয়ে।

আহত দুয়োজনকে হাজো বিষ্ণুৰাম মেধি প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও গুৰুতৰভাৱে আহত মফিজুদ্দিন আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। শনিয়াদিৰ বেলগুৰিত সংঘটিত এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে নিশাই হাজো আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত আতাৰ আলীৰ মৃতদেহ হাজো আৰক্ষী থানালৈ লৈ আনে। পৰৱৰ্তী সময়ত স্থানীয় দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে হাজো আৰক্ষীয়ে। হত্যাকাণ্ড সংঘটিত কৰি অভিযুক্ত হত্যাকাৰী আদাৰ আলী পলায়ন কৰে যদিও আজি দিনৰ ভাগত হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

দিপাংকৰ মজুমদাৰৰ প্ৰতিবেদন

Related Articles