Breaking

হামাছৰ দাবী, গাজাত বন্দী কৰি ৰখা ১৩ জন লোকৰ ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু…

0 47

হামাছৰ দাবী, গাজাত বন্দী কৰি ৰখা ১৩ জন লোকৰ ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু। হামাছৰ সশস্ত্ৰ শাখাই শুকুৰবাৰে জনোৱা মতে, উত্তৰ গাজা ষ্ট্ৰিপত ৰখা কমেও ১৩ জন ইজৰাইলী আৰু বিদেশী পণবন্দী বিগত ২৪ ঘণ্টাত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে। ইজৰাইলৰ যুদ্ধ বিমানে লক্ষ্য কৰি লোৱা পাঁচটা স্থানত বিদেশীকে ধৰি তেৰজন কয়দী নিহত হোৱা বুলি আজেদিন আল কাছাম ব্ৰিগেডে এক বিবৃতিত প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ এগৰাকী মুখপাত্ৰই কয় যে শুকুৰবাৰে ইজৰাইল সেনাই উত্তৰ গাজাৰ ১১ লাখ লোকক ২৪ ঘণ্টাৰ ভিতৰত গুচি যাবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই আদেশৰ ফলত ‘বিধ্বংসী মানৱীয় পৰিণতি’ৰ আশংকা আছে।

মন কৰিবলগীয়া যে ইজৰাইলে কেৱল গাজাত বোমা বিস্ফোৰণ কৰাই নহয়, গাজাকো সম্পূৰ্ণৰূপে ঘেৰাও কৰিছে। গাজাৰ ২৪ লাখ বাসিন্দাই ভয়ত জীৱন কটাবলগীয়া হৈছে। ইজৰাইলে তেওঁলোকৰ পানী, খাদ্য আৰু বিদ্যুতৰ যোগানো কৰ্তন কৰিছে।


Leave A Reply