Breaking

‘হেণ্ড কাফ’ আলোচনীয়ে অপৰাধ ৰোধ কৰাত গুৰুত্ব পূর্ণ ভূমিকা ল’বঃ উপায়ুক্তি নিবেদন দাস পাটোৱাৰী

0 44

এখন আলোচনী প্রকাশ কৰাতো সহজ কিন্তু জীয়াই ৰখাটো অত্যন্ত কঠিন। প্রত্যাহবান মূলক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব এখন আলোচনী জীয়াই ৰাখিবলৈ হ’লে। জটিল আৰু প্রত্যাহবানৰ সন্ধিক্ষণত প্রকাশিত ‘হেণ্ডকাপ’ নামৰ ব্যক্তিক্রমি আলোচনী প্রকাশ পাইছে।

অপৰাধ মুক্ত সমাজ গঢ়া লক্ষ্যৰে প্রকাশিত ‘হেণ্ড কাফ’ আলোচনী খনে তেঁও লোকৰ উদ্দেশ্যে সফল কৰাত যথেষ্ট গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিব। যোৱা ১৮ জুনত মৰান বিষ্ণু পুৰস্থিত ব্রহ্মপুত্র নিউজ’ কাৰ্যালয়ত অনুষ্ঠিত নিউজ চেনেলটোৰ বৰ্ষপূৰ্তি অনুষ্ঠান লগত সংগতি ৰাখি ডঃ ৰাজীৱ কুমাৰ মহত্বৰ মূখ্য সম্পাদকৰ সম্পাদনাত প্রকাশ কৰি উলিওৱা অপৰাধীৰ সন্ধানত হেণ্ডকাপ” নামৰ আলোচনী খন উন্মোচন কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী য়ে নিজ ভাষণত এনেদৰে কয়।

মাহমৰা প্রেছ ক্লাৱৰ সভাপতি সঞ্চয় নেৱাৰৰ পৌৰহিত্যত অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি গনশিল্পী মহেন্দ্র হাজৰিকাই ভাষণ প্রসংগত এনেদৰে কয়। জনসাধাৰণে এক শুদ্ধ খবৰৰ অপেক্ষাত থাকে। জনতাৰ জনৰ ভাৱ হৃদ্য়ংগম কৰিব পৰাকৈ ব্রহ্মপুত্র নিউজ’ শুদ্ধ খবৰ দিব যাব বুলি আশা কৰা বুলি উল্লেখ কৰি শিল্পী গৰাকী য়ে ব্রহ্মপুত্র নিউজ’ চেনেলক লৈ অতি কম সময়ৰ ভিতৰত এটি গীত ৰচনা কৰাৰ প্রতিশ্রুতি প্রদান কৰে।

ৰাইজৰ অশ্বিকাৰৰ সম্পাদক শৰৎ ভূঞাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত মহাবাহু কাকতৰ সম্পাদক, এন ই জে ডি এম এৰ উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি ৰাগ্নামনি গগৈ, সাধাৰণ সম্পাদক তৰুণ গগৈ, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা ৰামচন্দ্ৰ দত্ত , তাই আহোম নেতা নিপন ফুকন, আদিবাসী যুৱ -পৰিষদৰ কাৰ্যকৰী সভাপতি বৰুন তাচা , উপ সভাপতি দানিয়েল সূৰ্য, সম্পাদক বংশীবাদন বংশীবাদন ক্ষেত্রপালকে ধৰি বহু কেইগৰাকী বিশিষ্ট নাগৰিক।

ব্রহ্মপুত্র নিউজ’ ৰ প্রথম বৰ্ষপূৰ্তি উপলক্ষে সঞ্চালক ড° ৰাজীৱ কুমাৰ মহত্বয়ে ইতিমধ্যে প্রকাশ হৈ থকা ‘হামদেৰ অধিকাৰ ‘ আৰু ৰাইজৰ অধিকাৰ’ কাকত দুখনে ইতিমধ্যে জনসাধাৰণে আকোৱালী লোৱা বুলি উল্লেখ কৰি নিউজ চেনেলকো আকোৱালী ল’ব বুলি আশা কৰি সহায় সহযোগিতা কামনা কৰি আদৰনী ভাষণত আবেগিক হৈ পৰে।

অনুষ্ঠানলৈ ভিন্ন প্রান্তৰ পৰা অহা শুভাকাংক্ষী আৰু ৰাইজৰ উপস্থিতিতি কেক্ কাটে সঞ্চালক ড° ৰাজীৱ কুমাৰ মহত্বই। শিল্পী মৃত্যুঞ্জয় কৰ্মকাৰৰ লগতে বহু কেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটিক জীপাল কৰি তোলে। সমগ্র অনুষ্ঠানটিক আঁত ধৰে ব্রহ্মপুত্রত নিউজ’ এংকৰ কৰা সাংবাদিক প্রিয়া চাহুৱে।

সভাত উপস্থিত থাকে “হেণ্ডকাপ” আলোচনীৰ সম্পাদক মিতুল দাস। উক্ত অনুষ্ঠানৰ লগত ব্রহ্মপুত্র নিউজ’ সঞ্চালক গৰাকী য়ে নিজৰ জন্ম দিন উদযাপন কৰে। বহু কেইটা অনুষ্ঠান- প্রতিষ্ঠানে ডঃ ৰাজীৱ কুমাৰ মহত্বয়ে সাহিত্য সংস্কৃতি লৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনায়।

Leave A Reply