Breaking

ধেমাজি অংকন কলা নিকেতনৰ উদ্যোগত হস্তশিল্প আৰু মৃৎকলা কৰ্মশালা

0 97

যি সময়ত নৱপ্ৰজন্ম‌ই যান্ত্ৰিক পৰিৱেশৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰি আহিছে, সেই সময়ত এজাক শিশুক কলা সাধনাৰ প্ৰতি মনোনিবেশ ঘটোৱাৰ প্ৰচেষ্টা  হাতত লৈছে ধেমাজিৰ চিত্ৰকলাৰ অগ্ৰনী অনুষ্ঠান অংকন কলা নিকেতনে।

৯ জুলাইৰ পৰা ১১ জুলাইলৈ ধেমাজিৰ অংকন কলা নিকেতনে শিশুৰ মানসিক বৌদ্ধিক বিকাশৰ বাবে তিনিদিনিয়াকৈ আয়োজন কৰিছিল গ্ৰীষ্মকালীন বিনামূলীয়া সৃষ্টিশীল হস্তকলা আৰু মৃৎশিল্প কৰ্মশালা।

২০০৯ চনতে প্ৰতিষ্ঠা লাভ কৰা অংকন কলা নিকেতনে ইতিমধ্যেই জিলাখনৰ বিভিন্ন ঠাইৰ শিশুসকলক লৈ বিভিন্ন সময়ত শিশুৰ লগতে  শিল্পচৰ্চা কৰা ব্যক্তিসকলকলৈ ধেমাজিৰ দৰে চহৰত শিল্পকলাৰ এক জাগৰণ সৃষ্টি কৰিছে।

অংকন কলা নিকেতনৰ প্ৰতিস্থাপক অধ্যক্ষ হোমেন শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত মুঠ ২১১ জন শিশু কিশোৰৰ লগতে একাংশ আগ্ৰহী অভিভাৱকেও অংশগ্ৰহণ কৰে।

কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে অংকন কলা নিকেতনৰ অধ্যক্ষ হোমেন শইকীয়া অংকন কলা নিকেতনৰ সভাপতি প্ৰনৱ চুতীয়া, চিত্ৰশিল্পী নিৰ্মালী বৰশইকীয়া,জিতু গগৈ,চিৰঞ্জীৱ গোহাঁই আৰু ডেইজী বৰশইকীয়াই।

নৱপ্ৰজন্মক শিল্পকলাৰ শিক্ষা প্ৰদান কৰি অহা অংকন কলা নিকেতনে গত সময়তো এনে প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। এইক্ষেত্ৰত আগন্তুক সময়তো শিশুসকলৰ বৌদ্ধিক- মানসিক-শৈল্পিক বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

Leave A Reply