Breaking

মাজুলীৰ নৱনীতাৰ কাষত ৰুমাল লাইভ : দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ

0 1,287

উজনি-মাজুলী, ১৭ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগ ( এছ এল ই ) ত আক্ৰান্ত উজনি মাজুলী ভকতিদুৱাৰ গাঁৱৰ ভবেন খাউণ্ডৰ কন্যা , নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া নৱনীতা খাউণ্ডৰ আৰোগ্য কামনাৰে আজিৰে পৰা অসমৰ ব্যতিক্ৰমী ফেচবুক পেজ তথা সামাজিক অনুষ্ঠান ৰুমাল লাইভে মাজুলীৰ ব্যৱসায়ীক ক্ষেত্ৰ বনগাঁও আৰু ৰাৱনাপাৰৰ ব্যৱসায়ী তথা পথৰুৱা লোকৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰি এক কাৰ্যসূচী হাতত লয় । হঠাতে পৰিয়ালটোৰ জীৱনলৈ নামি অহা এই কাল ধুমুহা সদৃশ বিপদৰ পৰা কিছু পৰিমাণে সকাহ দিৱৰ বাবে ৰুমাল লাইভে দৰিদ্ৰ পৰিয়ালটোৰ অনুৰোধ ক্ৰমে নৱনীতাক সুস্থ কৰি তুলিবলৈ ৰাইজৰ কাষ চাপি পথে পথে দান পাত্ৰ লৈ ঘূৰা পৰিলক্ষিত হয় । ৰুমাল লাইভৰ এই সাহাৰ্য কাৰ্যসূচীত হাত উজান দিয়ে পূৱ মাজুলী মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্র একতা সভা আৰু মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী সমাজে । ৰুমাল লাইভৰ ৰাজ্যিক সম্পাদক প্ৰাঞ্জল গাৰ্গৰ উপস্থিতিত মাজুলী জিলাৰ সভাপতি মানস তপন বৰা আৰু  সম্পাদক হৃষীকেশ হাজৰিকাকে আদি কৰি দিব্যজ্যোতি নেওগ , প্ৰীতম শইকীয়া ,দেৱপ্ৰতীম কাকতি , মাধৱ দাস , বিতোপন দাস আদিয়ে সাহাৰ্য্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৱনীতাৰ আশু আৰোগ্য কামনা কৰে । এই মহৎ উদ্দেশ্য সম্বলিত কাৰ্যসূচীৰ প্ৰতি সহাঁৰি জনাই সাহাৰ্য্য কাৰ্যসূচীত ৰুমাল লাইভৰ সদস্য সকলক সংগ দিয়ে মাজুলী জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা , পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ দীপাংকৰ ৰাজখোৱা , ভাস্কৰ বৰা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পূৱ মাজুলী আঞ্চলিকৰ সম্পাদক মানৱ বৰাই । ৰুমাল লাইভে দৰিদ্ৰ পৰিয়ালটিৰ কাষত অনাগত দিনত সহায় সহযোগিতা আগবঢ়াবৰ বাবে মাজুলীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ আহবান জনাই । কম বয়সতে নৱনীতাৰ জীৱনলৈ অহা এই দুৰাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ লগতে পুনৰ ছাত্ৰী গৰাকীৰ জীৱনলৈ  হাঁহি ঘূৰাই আনিবলৈ ৰুমাল লাইভে লোৱা এই অভিযানৰ প্ৰতি অসমৰ জনতাই যদি সহায় সহযোগিতা আগবঢ়াব বিচাৰিলে ৰুমাল লাইভৰ ফোন নম্বৰ ৯৬৭৮৩১১৩৫৬ ত যোগাযোগ কৰিবলৈ আহবান জনাইছে ৰুমাল লাইভ পৰিয়ালে।

Leave A Reply