Hanuman Jayanti 2025: হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু !

২০২৫ চনৰ ১২ এপ্ৰিল অৰ্থাৎ শনিবাৰে বজৰংগবলী হনুমানৰ জন্ম জয়ন্তী। এই দিনটোত হনুমানক তেওঁৰ প্ৰিয় খাদ্য আগবঢ়ালে তেওঁ সোনকালে সুখী হয়।(Hanuman Jayanti 2025) হনুমান জয়ন্তী হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। চৈত্ৰা পূৰ্ণিমাত এবাৰ আৰু দ্বিতীয়বাৰ কাৰ্তিক পূৰ্ণিমাত হনুমান জয়ন্তী উদযাপন কৰা হয়। বিশ্বাস কৰা হয় যে এদিন হনুমানৰ জন্ম হৈছিল আৰু এদিন মাতৃ সীতাই তেওঁক অমৰত্বৰ বৰদান দিছিল। সেইবাবেই বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। যিহেতু হনুমান অমৰ, সেয়েহে তেওঁৰ জন্মদিনক জয়ন্তীৰ সলনি জন্মোৎসৱ বুলি কয় বহুতে। হনুমান জয়ন্তীত হনুমানৰ আশীৰ্বাদ লাভ কৰিবলৈ আগবঢ়াওক পাঁচটা বস্তু –

বেচনৰ লাড়ু
হনুমান বেচনৰ লাড়ু প্ৰতি খুবেই আকৰ্ষিত। হনুমানক বেচনৰ লাড়ু আগবঢ়ালে তেওঁ সোনকালে ইচ্ছা পূৰণ কৰে।

বুণ্ডীয়া লাড়ু
হনুমান জন্মোৎসৱৰ পূজা বুণ্ডীয়া লাড়ুৰ অবিহনে আধৰুৱা। হনুমানক বুণ্ডীয়া লাড়ু আগবঢ়ালে গ্ৰহৰ দোষ দূৰ হয় আৰু কামত বাধা দূৰ হয় বুলি বিশ্বাস কৰা হয়।

পাণ

হনুমানক পাণ অৰ্পণ কৰিলে জীৱনৰ সকলো কষ্ট নাইকিয়া হয়।

গুড় আৰু বুট
হনুমানক গুড় আৰু বুট অৰ্পণ কৰিলে মংগল দোষ আঁতৰ হয়। জীৱনৰ সকলো সমস্যা নোহোৱা হৈ যায়।

কল

হনুমান জয়ন্তীৰ দিনা পৱনপুত্ৰ হনুমানক কল আগবঢ়ালে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰে।

খীৰ
হনুমান খীৰৰ প্ৰতিও অতি আকৰ্ষিত। এই ভোগ আগবঢ়ালে ধনৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। লগতে সংকটবোৰো আঁতৰি যায়।

Related Articles