নগাঁৱত হনুমান জয়ন্তী পালন

সমগ্ৰ ৰাজ্যখনতে আজি কভিড প্ৰটকল মানি হনুমান জয়ন্তী পালন কৰা হয়।নগাঁও চহৰৰ শ্ৰী  হনুমান জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আজি পুৱা হয়বৰগাঁৱৰ হনুমান মন্দিৰত ভক্তপ্ৰাণ লোকসকলে হনুমানৰ শ্ৰী চৰণত পূজা অৰ্চনা কৰি আশীৰ্বাদ গ্ৰহণ কৰে।বিয়লী ৰামায়ণ পাঠ অনুষ্ঠান অনুষ্ঠিত হয়।কভিড পৰিস্থিতিৰ বাবে এইবাৰ হনুমান মেলা আৰু সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰা হয়। চহৰখনৰ শ্ৰী শ্ৰী কৃষ্ণাশ্ৰম শিৱমন্দিৰ,পঞ্চমুখী হনুমান মন্দিৰ,লাওখোৱা পথৰ হনুমান মন্দিৰতো কভিড প্ৰটকল মানি ভক্ত সকলে হনুমান জয়ন্তী পালন কৰে।

Related Articles