টংলাত আধিগম কম্পিউটা শিক্ষা কেন্দ্রৰ শুভ আৰম্ভণি…

ওদালগুৰি জিলাৰ অন্তর্গ শৈক্ষিক,সাংস্কৃতি,ক্ৰীড়া নগৰী টংলাত বৃহস্পতিবাৰে টংলা বজাৰখোলাত আধিগম কম্পিউটাৰ শিক্ষা কেন্দ্রৰ এটি শুভ আৰম্ভণি কৰা হয়। আধিগম অনুষ্ঠানখনিৰ প্ৰতিষ্ঠাপক অৰূপ জ্যোতি ৰাভাই আঁত ধৰে অনুষ্ঠান খনত শিক্ষা কেন্দ্র খনিৰ উদ্যোগতা ৰিতুস্মিতা ৰাভা আৰু উজ্জলা ৰাভা নাৰ্জাৰীয়ে মনোভাব ব্যক্ত কৰি আৱেগিক হৈ পৰে।

মহিলা সকলক শিক্ষাৰ ক্ষেত্ৰত এখোজ আগুৱাই লৈ যোৱাৰ লক্ষ্য,উদেশ্যৰে আৰম্ভ কৰা শিক্ষা কেন্দ্ৰ আৰম্ভণি অনুষ্ঠান খনত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰিশংকৰ দাসে সভাত সাৰুৱা ভাষণ আগবঢ়াই। অনুষ্ঠানত ডলি বৰা ডেকা, আধিগমৰ অধ্যক্ষ জ্যোতিষ চৌধুৰী, ৰাজশ্ৰী বৰা, ভাস্কৰ ৰাভা, জোনমনি শইকীয়া, উজ্জলা ৰাভা নাৰ্জাৰী, ভগদত্ত নাৰ্জাৰী আৰু পৱণ বণিয়াই বহুমূলীয়া ভাষণ আগবঢ়াই।

Related Articles