আপোনাৰ ঘৰত যেতিয়া নতুন সন্তান জন্ম হয় তেতিয়া গোটেই পৰিৱেশটো সুখেৰে ভৰি পৰে, কিন্তু প্ৰসৱৰ পিছৰ সময়ছোৱা এগৰাকী মাতৃৰ বাবে প্ৰত্যাহ্বানৰে ভৰা হ’ব পাৰে। (Happy Mother’s Day)যেনে- খাদ্য খোৱাৰ সময়ৰ যত্ন লোৱা, খৰচ বৃদ্ধিৰ টেনচন, ঘৰুৱা দায়িত্ব চম্ভালিব পৰা। পৰিয়ালত নতুন মাতৃৰ প্ৰায়ে সহায়ৰ অভাৱ হয়, যাৰ ফলত তেওঁৰ আৱেগিক স্বাস্থ্যৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পৰে। সন্তান জন্মৰ পিছত নীৰৱে সংগ্ৰাম কৰি থকা মহিলাসকলৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। আজি ১১ মে’, আজি হৈছে মাতৃ দিৱস। মাতৃ দিৱসৰ দিনটোত মহিলাসকলে সন্তান জন্মৰ পিছত মনটোক কেনেকৈ শান্ত কৰি ৰাখিব জানক-
১/ প্ৰসৱৰ পিছত আপোনাৰ মনটোৱে আপোনাক ভাগৰুৱা, চিন্তিত বা হতাশ অনুভৱ কৰায়। আৱেগিক বোজা হতাশা নহয়, সেই সময়খিনিত মহিলসকলে মৰম, সহায়; সমৰ্থন বিচাৰে। আপোনাৰ স্বামী, আপোনাৰ পিতৃ-মাতৃ, আপোনাৰ শহুৰ-শাহুৰ বা আনকি ঘনিষ্ঠ, বিশ্বাসযোগ্য বন্ধু-বান্ধৱীৰ পৰাও সহায় সমৰ্থন বিচাৰিব পাৰে।
২/ এই সময়ছোৱাত বহুত কাম যদিও নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয়। ৫ মিনিটৰ চাহৰ বিৰতি, টোপনি বা বাহিৰত অলপ খোজ কাঢ়িলে আপোনাৰ মানসিক স্বাস্থ্যৰ ভাল হ’ব পাৰে।
৩/আন মাতৃসকলেও আপোনাৰ দৰেই অনুভৱ কৰে বুলি জানি সান্ত্বনা পোৱা যায়। অনলাইন গ্ৰুপৰ জৰিয়তে হ’লেও আন মাতৃৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। বস্তুবোৰ ভাগ-বতৰা কৰিলে মাতৃসকলে নিজৰ আৱেগৰ পৰিসৰ যেনে খং, দুখ, সুখ আদি প্ৰকাশ কৰিবলৈ এক স্থান লাভ কৰে।
৪/আত্ম-যত্নৰ সৰু সৰু কাম যেনে গা ধোৱা, অলপ খোজ কঢ়া, কিতাপৰ কেইপৃষ্ঠা পঢ়া বা কেৱল দীঘলকৈ উশাহ লোৱা আদিয়ে সকাহ দিব পাৰে আৰু আপোনাক সোঁৱৰাই দিব পাৰে যে আপুনি গুৰুত্বপূৰ্ণ। মাতৃত্বৰ বিশৃংখলতাতো নিজৰ যত্ন লোৱাটোও সন্তানক লালন-পালন কৰাৰ দৰেই গুৰুত্বপূৰ্ণ।
৬/প্ৰসৱৰ পিছৰ উত্তেজনা দূৰ কৰিবলৈ প্ৰয়োজন হ’লেই পেছাদাৰী পৰামৰ্শ লওক। আপোনাৰ যোগাযোগ তালিকাত এজন নিৰ্ভৰযোগ্য মানসিক স্বাস্থ্য পেছাদাৰী নিশ্চিতভাৱে ৰাখক যাতে তেওঁলোকে এই কঠিন সময়ত আপোনাক সহায় কৰিব পাৰে।