গুৱাহাটী পৌৰ(Happy new year) নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি উজানবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মেয়ৰে ২০২৫ বৰ্ষত গুৱাহাটী মহানগৰক অধিক পৰিষ্কাৰ, সুস্থ, সুসংগঠিত আৰু নাগৰিক-বান্ধৱ নগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰু সাফল্যসমূহ ৰাইজৰ বাবে ছপা আৰু বৈদ্যুতিক সংবাদ মাধ্যমৰ আগত দাঙি ধৰে । মেয়ৰ শৰণীয়াই উল্লেখ কৰে যে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, বায়ু গুণাগুণ উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি, পানী যোগান, স্বাস্থ্য সেৱা, শাসন সংস্কাৰ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা আদি বিভিন্ন ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে গুৱাহাটী বাসীক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ জানিবলৈ দিয়ে যে ২০২৫ চনত গুৱাহাটী মহানগৰ পৌৰ নিগমে স্বচ্ছ সুৰক্ষা ৰেংকিংত ৪০২তম স্থানৰ পৰা ৪৪তম স্থানলৈ উন্নীত হৈ ‘প্ৰতিশ্ৰুতিপূৰ্ণ স্বচ্ছ চহৰ’ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰ লগতে গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। কঠিন আৱৰ্জনা ব্যৱস্থাপনা ক্ষেত্ৰত আৱৰ্জনা প্ৰক্ৰিয়াকৰণ ক্ষমতা ৪০৮.৫ টনলৈ বৃদ্ধি কৰা হৈছে। বৰাগাঁও ডাম্পছাইটত চলি থকা সংশোধনমূলক কামৰ জৰিয়তে প্ৰায় ১২ লাখ মেট্ৰিক টন লিগেচি আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। আদাবাৰীস্থিত এমআৰএফত আজিলৈকে ৪৫৭ মেট্ৰিক টন প্লাষ্টিক আৱৰ্জনা উদ্ধাৰ কৰা হৈছে।
ছাফাই কৰ্মচাৰীৰ কল্যাণৰ বাবে আয়ুষ্মান ভাৰত (PM-JAY) স্বাস্থ্য কাৰ্ড বিতৰণ অব্যাহত ৰাখিছে গুৱাহাটী পৌৰ নিগমে। বায়ু গুণাগুণ উন্নয়ন (NCAP) ক্ষেত্ৰত স্বচ্ছ বায়ু সুৰক্ষা ৰেংকিংত ২০২৪–২৫ বৰ্ষত ৩৮তম স্থানৰ পৰা ২১তম স্থানলৈ উন্নীত হৈছে। যান্ত্ৰিক আৰু বিদ্যুৎচালিত বাহনৰ ব্যৱহাৰ বৃদ্ধি, ধূলি নিয়ন্ত্ৰণ অভিযান, গছপুলি ৰোপণ আৰু সচেতনতা কাৰ্যসূচীৰ জৰিয়তে বায়ুৰ মান উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। বিদ্যালয়সমূহত আইইচি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শতাধিক যুৱক-যুৱতীৰ অংশগ্ৰহণেৰে বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই বৰ্ষত পৌৰ নিগমে ৪টা নতুন যান্ত্ৰিক পথ ঝাড়ু দিয়া মেচিন ক্ৰয় কৰিছে। নগৰীয়া আন্তঃগাঁথনি আৰু সৌন্দৰ্য্যবৰ্ধনৰ ক্ষেত্ৰত গণেশগুৰি জংচনৰ উন্নয়ন কাম সম্পূৰ্ণ কৰা হৈছে। ভিআইপি ৰোড (ছয়মাইল–পাথৰকুৱেৰী) সৌন্দৰ্য্যবৰ্ধনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। পথচাৰীকেন্দ্ৰিক নগৰ উন্নয়ন পৰিকল্পনাৰ অংশস্বৰূপে এ এচ ই বি ৰোড, ৰূপনগৰ ৰোড, কালী মন্দিৰ ৰোড আৰু ৰামকৃষ্ণ মিছন ৰোডত সৌন্দৰ্য্যবৰ্ধনৰ কাম সম্পন্ন কৰা হৈছে। স্মাৰ্ট চিটি আৰু লাইটিং উন্নয়নৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ GUCL-এ মহানগৰত ৩৪,২৫০টা CCMs ভিত্তিক ষ্ট্ৰীট লাইট স্থাপন কৰাৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত ১১৬টা হাই-মাষ্ট লাইট সংস্থাপন কৰিছে । পানী যোগান আঁচনিত নাগৰিকৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে ৬,০১৭টা বিনামূলীয়া পানী সংযোগ আৰু ১,০৫৪টা ৰাজসাহায্যযুক্ত পানী সংযোগ প্ৰদান কৰা হৈছে। পথ, নলা আৰু সামাজিক আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত মুঠ ৬৯৩টা কাম সম্পূৰ্ণ কৰা হৈছে, যাৰ জৰিয়তে প্ৰায় ৭০ কিলোমিটাৰ পথ আৰু নলা উন্নয়ন কৰা হৈছে। ইয়াৰ লগতে সমগ্ৰ মহানগৰত ৬২টা ৰাজহুৱা প্ৰেক্ষাগৃহ, ৬৫টা শৌচাগাৰ আৰু ২৮টা শ্মশান/সমাধিস্থলী সম্পূৰ্ণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ কাম ২০২৬ চনৰ পৰা আৰম্ভ হ’ব বুলি মেয়ৰে জানিবলৈ দিয়ে। উন্নয়ণমূলক কামৰ কাৰণে ১৩২ কোটি টকা ধাৰ্য কৰা হৈছে ।
বিশেষকৈ মহানগৰবাসীয়ে ঘৰতে বৰষুণৰ পানী সংৰক্ষণ আৰু আৱৰ্জনা নিষ্কাকৰ্ষণৰ ব্যৱস্থা কৰিলে সম্পত্তি কৰৰ ১০শতাংশ ৰেহাই দিয়াৰ কথা উল্লেখ কৰে, লগতে মন্দিৰ, নামঘৰ ধৰ্মীয় অনুষ্ঠানত বিনামূলীয়া পানী যোগানৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰে । গুৱাহাটী মহানগৰৰ নগৰীয়া বানপানী প্ৰশমন আৰু নিয়ন্ত্ৰণৰ বাবে ৫৪৯ টা নলাৰ কাম হাতত লোৱা হৈছে। ৰুক্মিণীগাঁৱত শ্লুইচ গেট আৰু বৈদ্যুতিক পাম্প স্থাপন কৰা হৈছে। ২০২৬ চনত ডাঙৰ নদী নলা আৰু শতাধিক নলাৰ ডিচিল্টিং আৰু ৰক্ষণাবেক্ষণৰ কাম আৰম্ভ হ’ব বুলি মেয়ৰ শৰণীয়াই উল্লেখ কৰে। ফাঁচীবজাৰ, পূৰবী ডেইৰী আৰু আদাবাৰীত RTS–MRF সুবিধাসমূহৰ জৰিয়তে আৱৰ্জনা হ্ৰাস, পুনঃব্যৱহাৰ আৰু বৃত্তাকাৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে বৰাগাঁও ডাম্পছাইটত প্ৰায় ৮০ শতাংশ লিগেচি আৱৰ্জনা ইতিমধ্যে প্ৰক্ৰিয়াকৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। মহানগৰ নাগৰিকৰ সহযোগত গুৱাহাটীখনক অধিক পৰিষ্কাৰ, সুস্থ আৰু স্থায়ী নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী পৌৰ নিগম আগবাঢ়ি যাব বুলি মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমক অৱগত কৰে।

