Breaking

৮ মাৰ্চৰ পৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট

0 40

অহা ৮ৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি, ভাৰতৰ যুৱৰাজ সিং তথা হৰভজন সিং আদিৰ দৰে কিংবদন্তি খেলুৱৈসকলে৷

প্ৰতিযোগিতাখনৰ সকলো খেল বিশ্বজুৰি সম্প্ৰচাৰ কৰিব ষ্টাৰ স্প’ৰ্টছে৷ আনহাতে, অগ্ৰণী ক্ৰীড়া প্ৰতিষ্ঠান টয়ম স্প’ৰ্টছ লিমিটেডো ডব্লিউ চি এলৰ সৈতে নিজৰ অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মুঠ ১২ দিন ধৰি চলিব লগা প্ৰতিযোগিতাখনত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ চেম্পিয়ন ট্ৰফীৰ বাবে বিশ্বৰ তাৰকা ক্ৰিকেটাৰৰে গঠিত সাতটা দলে যুঁজ দিব৷

প্ৰতিযোগিতাখনৰ সন্দৰ্ভত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয় ‘ক্ৰিকেট খেলপথাৰত মোৰ আবেগক পুনৰ জগাই তুলিবলৈ তথা মোৰ চমক পুনৰবাৰ প্ৰদৰ্শন কৰিবলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ আমাৰ প্ৰাক্তন খেলুৱৈসকলৰ বাবে এয়া এক অন্যন সুযোগ৷ আমি অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ সাজু হৈছো’৷

ইফালে, ইংলণ্ডৰ তাৰকা পিটাৰচেনে কয়, ‘টয়ম স্পৰ্টছ লিমিটেডৰ জড়িয়তে ডব্লিউ চি এলত যোগ দি মই সন্মানিত হৈছো৷ ক্ৰিকেটৰ প্ৰতি থকা চিৰস্থায়ী আবেগ প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজুৰি অনুৰাগীসকলৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত সহযোগী কিংবদন্তিসকলৰ সৈতে সহযোগিতা কৰাৰ এয়া এক ৰোমাঞ্চকৰ সুযোগ’।

টি এছ এলৰ অধ্যক্ষ মহমেদালী বুধৱানীয়ে বিশ্ব ক্ৰিকেটাৰৰ অংশগ্ৰহণে ডব্লিউ চি এলৰ আকৰ্ষন বৃদ্ধি কৰাৰ বিষয়ে অবগত কৰে৷ ইফালে, বলীউডৰ চলচ্ছিত্ৰ আৰু সংগীত নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতাৰ বাবে বিখ্যাত জাবাৱা এণ্টাৰটেইনমেণ্টৰ যোগেদি বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনে ডব্লিউ চি এলৰ প্ৰচাৰত অংশ ল’ব বুলি কোম্পানীৰ সঞ্চালক হৰ্ষিত টোমাৰে ব্যক্ত কৰে৷ ইফালে, চলিত বৰ্ষৰে তিনিৰ পৰা ১৩ জুলাইলৈ আমেৰিকাত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ সমৰ্থনত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ-২০২৪৷

Leave A Reply