চি এছ কে হাতত পৰাস্ত হৈ হাৰ্দিক পাণ্ডিয়াই ক’লে ‘ধোনীৰ হাতত পৰাস্ত হৈ সুখী মই’

গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২৩ৰ ফাইনেল মেচত চি এছ কে আৰু মহেন্দ্ৰ সিং ধোনিৰ হাতত পৰাস্ত হৈ ডাঙৰ বক্তব্য আগবঢ়াইছে।গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ এই বক্তব্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। সোমবাৰে ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত (ডি এল এছ মেথড) পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ ট্ৰফী দখল কৰিবলৈ সক্ষম হৈছে চেন্নাই ছুপাৰ কিংছ। ৰবীন্দ্ৰ জাদেজাৰ ছয় আৰু চতুৰৰ শেষৰ দুটা বলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে আই পি এলৰ ফাইনেলত গুজৰাট টাইটানছক পৰাস্ত কৰি অভিলেখ সমান কৰি পঞ্চমবাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰি জয়ী হয়।

মুম্বাই ইণ্ডিয়ানছৰ পিছত এতিয়া চেন্নাই পাঁচটা খিতাপ (২০১০, ২০১১, ২০১৮, ২০২১, ২০২৩) জয় কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হৈছে। গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২৩ৰ ফাইনেল মেচত চেন্নাই ছুপাৰ কিংছ আৰু মহেন্দ্ৰ সিং ধোনিৰ হাতত পৰাস্ত হৈ কয়, ‘যদি মই পৰাস্ত হ’বলগীয়া হয়, তেন্তে ধোনিৰ বিৰুদ্ধে হাতত পৰাস্ত হম। ভাল মানুহৰ লগত ভাল কাম হয় আৰু তেওঁ অন্যতম শ্ৰেষ্ঠ। ভগৱানে যথেষ্ট দয়া কৰিছে, ভগৱানে মোৰ ওপৰতো দয়া কৰিছে, কিন্তু আজি ৰাতিটো তেওঁৰ আছিল। মই তেওঁলোকৰ বাবে বহুত সুখী। ধোনিৰ বাবে এই কথা লিখিছিল নিয়মে।’

হাৰ্দিক পাণ্ডিয়াই কয়, ‘মই ভাবো আমি বহুত হৃদয়েৰে খেলিলোঁ, সঁচাকৈয়ে গৌৰৱান্বিত যে আমি যিদৰে যুঁজ দিলোঁ। আমি একেলগে পৰাস্ত। মই অজুহাত দেখুৱাবলৈ যোৱা নাই, চি এছ কেয়ে ভাল ক্ৰিকেট খেলিছিল। আমি সঁচাকৈয়ে ভাল বেটিং কৰিলোঁ।’

Related Articles