Breaking

হৰিনামৰ ধ্বনি,খোল-তাল-দবা-শংখ,আয়তিৰ উৰুলীৰে মুখৰ ৰাংচলীয়া কাঠবাৰী

0 2,266

জামুগুৰিহাটৰ ৰাংচলীয়া কাঠবাৰী গাঁও উন্নয়ন সমিতি আৰু ৰাংচলীয়া কাঠবাৰী প্ৰাথমিক সমাজৰ সৌজন্যত কালি দুভাগ গায়ন বায়ন আৰু দুভাগ নামসিংহ প্ৰতিমূৰ্তি স্থাপন কৰা হয়৷কলিয়াবৰৰপৰা অনা এই দুভাগ গায়ন-বায়ন আৰু নামসিংহৰ মূৰ্তিক গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা গাঁওখনৰ কীৰ্তনগৃহলৈকে প্ৰায় ১ কি:মি: পথ হৰিনামৰ ধ্বনি,খোল-তাল-দবা-শংখ,আয়তিৰ উৰুলীৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ৰাংচলীয়া কাঠবাৰী গাঁৱৰ কীৰ্তন গৃহলৈকে আদৰি নিয়ে৷ইয়াৰ পিছতেই কীৰ্তন গৃহত দুভাগ গায়ন-বায়নৰ মূৰ্তি স্থাপন কৰে গাঁওখনৰে বয়োজ্যেষ্ঠ লোক জীৱন বৰুৱা আৰু জামুগুৰিহাটৰ চেচাসত্ৰ গাঁৱৰ বয়োজ্যেষ্ঠ লোক ভৰত শইকীয়াই৷ইয়াৰোপৰি কীৰ্তন গৃহতেই দুভাগ নামসিংহও স্থাপন কৰে গহপুৰৰ গংগাৰাম বৰুৱা আৰু গাঁওখনৰে বয়োজ্যেষ্ঠ লোক বিশ্ব বৰুৱাই৷কীৰ্তনগৃহৰ মূল সিংহাসনভাগ প্ৰতিষ্ঠা কৰাৰ দিনটোৰ লগত সংগতি ৰাখি কালি অনুষ্ঠিত কৰা এই গায়ন-বায়ন তথা নামসিংহৰ প্ৰতিমূৰ্তি স্থাপন অনুষ্ঠানটোৰ লগত সমন্বয় ৰাখিয়েই আজি নিশালৈও এই কীৰ্তনগৃহতেই “হংসধ্বজৰ শাপমোচন হিৰাদৈত্য বধ” নামৰ এখনি ভাঁওনাও অনুষ্ঠিত হ’ব বুলি জানিব দিছে গাঁওখনৰ লোকসকলে।

Leave A Reply