Breaking

বিশ্বনাথৰ হৰিপ্ৰসাদ শৰ্মা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত : বিভিন্ন দল সংগঠনৰ শুভেচ্ছা…

0 16

বিশ্বনাথৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসাদ শৰ্মা বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা খবৰে বালিচাংত উৎফুল্লিত হৈ পৰিছে গোৰ্খা সকলৰ লগতে স্থানীয় ৰাইজ ৷অলপতে বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনত বিপুল ভোটত জয়ী হৈ সভাপতি হিচাবে নিৰ্বাচিত হৈছে বালিচাংৰ হৰিপ্ৰসাদ শৰ্মা ৷

ইতিমধ্যে তেওঁক অভিনন্দন জনাইবলৈ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে শৰ্মাৰ বাসগৃহত আহি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন আৰু শুভেচ্ছা জনাই ৷

আনহাতে শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়েও শৰ্মাৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে ৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গোৰ্খা সকলৰ বিভিন্ন ধৰনৰ সমস্যা তথা অভাব অভিযোগসমুহ চৰকাৰক দৃষ্টিগোচৰ কৰিব বুলি সদৰি কৰে নৱনিৰ্বাচিত সভাপতি গৰাকী ৷

Leave A Reply