Breaking

বিশ্বকাপ জয় কৰাৰ পিছত বিশ্বকাপৰ ট্ৰফীৰ মৰ্যাদা পাহৰি গ’ল নেকি মিচেল মাৰ্ছে?

0 216

বিশ্বকাপ জয় কৰাৰ পিছত বিশ্বকাপৰ ট্ৰফীৰ মৰ্যাদা পাহৰি গ’ল নেকি মিচেল মাৰ্ছে? যি ট্ৰফীৰ বাবে খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, সেই ট্ৰফীৰ ওপৰত দুয়ো ভৰি তুলি ফটো এখন তুলিলে। আৰু দলৰ অধিনায়ক পেট কামিন্সেও সেইটো দেখুৱাই দিলে। এই ঘটনাৰ পাছতে আৰম্ভ হৈছে সমালোচনা। মাৰ্ছৰ উল্লাসৰ শৈলী কোনেও বুজি নাপায়। কিয় এনে কৰিলে? প্ৰশ্ন উত্থাপন হয়।

বিশ্বকাপ জয় কৰাৰ পিছত কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুভৰি লৈ হাঁহি হাঁহি বহি থকা দেখা যায়। এই ছবিখনৰ পৰাই আৰম্ভ হৈছিল সমালোচনা।

মাৰ্ছৰ আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক চেপি ধৰিব বুলিও কয়। প্ৰথমে বেটিং কৰি ৪২০ ৰান সংগ্ৰহ কৰিব। ইয়াৰ পিছত ভাৰতে ৬৫ ৰানত বল আউট হ’ব। তেওঁলোকে ভাৰতক হৰুৱাইছে। কিন্তু এনে শব্দৰ অৰ্থ এইটো নহয়নে যে ইমান ভাল খেলি থকা দলটোৰ বিৰুদ্ধে অতিমাত্ৰা আত্মবিশ্বাস! দলৰ বাকীসকলতকৈ মাৰ্ছ বেলেগ! য’ত কামিন্স, লাবুচেন, স্মিথে বিশ্বকাপ জয় কৰাৰ পিছত আৱেগেৰে ভাঁহি আছে, মাৰ্ছ আন এখন পৃথিৱীত।

Leave A Reply