হাছৰাঁওবাৰী আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত দুখীয়াৰ মাজত বস্ত্ৰ বিতৰণ

আজমল ফাউনডেশ্বনৰ দ্বাৰা পৰিচালিত গোসাইগাঁৱৰ হাছৰাওবাৰীস্থিত আজমল ছিনিয়ৰ ছেকোণ্ডাৰী স্কুলৰ উদ্যোগত আজি শীতৰ পৰা ৰক্ষাৰ্থে দুখীয়া পৰিয়ালৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কৰে।দুখীয়াক বস্ত্ৰ দান কৰিবলৈ সুখৰ প্ৰাচীৰ কাৰ্যসূচী ৰূপায়ন কৰে।

সুখৰ প্ৰাচীৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল কুমাৰ সিংহই।

কলেজৰ অধ্যক্ষ আনোৱাৰ হোছেইনে উদ্দেশ্য ব্যাখা কৰা সভাত মুখ্য অতিথি হিচাপে এম চি এল এ সজল সিংহই উপস্থিত থাকি ভাষণ প্ৰসংগত আজমল কলেজে লোৱা পদক্ষেপক প্ৰশংসা কৰি কয় যে বহু দুখীয়া দৰিদ্ৰই শীতৰ দিনত টকাৰ অভাৱত কাপোৰ কিনিব নোৱাৰে, সেই সমূহ পৰিয়াল বাৰুকৈয়ে উপকৃত হব বুলি কয়।

সুখৰ প্ৰাচীৰ অনুষ্ঠানত সজল সিংহই ৪০ খন কম্বল বিতৰণ কৰে আৰু কলেজখনৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। কলেজৰ অধ্যক্ষ আনোৱাৰ হোছেইনে কয় যে এই বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী আজিৰ পৰা সোমবাৰলৈকে চলি থাকিব।এনে পদক্ষেপক আবাল বৃদ্ধ বণিতাই বস্ত্ৰ গ্ৰহন কৰি আপ্লুত হয়।

Related Articles