ধলাত শিক্ষকৰ যৌন নিৰ্যাতনত ১৪ বছৰীয়া ছাত্ৰীৰ আত্মহত্যা Hatighuli Higher Secondary School

তিনিচুকীয়া, ৭ জুলাইঃ Hatighuli Higher Secondary School তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত এজন বিদ্যালয়ৰ শিক্ষক দ্বাৰা চলা যৌন আতিশায্যৰ বলি হৈ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা ছাত্ৰীজনী হাতীঘূলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ শিক্ষক ভৃকু চেত্ৰীয়ে ছাত্ৰীজনীক শ্লিপিং টেবলেট খুৱাই বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতন চলাইছিল।

এই নিকৃষ্ট ঘটনাৰ পাছত ছাত্ৰীজনে যোৱা ৩ জুনত আত্মহত্যাৰ চেষ্টা কৰিছিল। যদিও তেতিয়া চিকিৎসকৰ তৎপৰতাত তেওঁক জীৱিত ৰাখিবলৈ সক্ষম হোৱা হৈছিল।

কিন্তু অৱশেষত ৭ জুলাইৰ পুৱা তেওঁৰ নিজ বাসগৃহত চিপ জৰী লৈ আত্মহত্যা কৰে ছাত্ৰীজনে। সংকটজনক অৱস্থাত ততালিকে ৰূপাই ডি চি বৰা নাৰ্ছিং হোমলৈ নিয়াৰ পাছতো চিকিৎসকে মৃত ঘোষণা কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীক।

উল্লেখ্য যে, ছাত্ৰীজনীৰ লিখিত অভিযোগৰ ভিত্তিত ধলা আৰক্ষীয়ে অভিযুক্ত শিক্ষক ভৃকু চেত্ৰীক ১১ জুনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

ঘটনাটোক লৈ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে তীব্ৰ প্ৰতিবাদ জনাইছে। সংগঠনটোৱে এই ঘটনা ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে সোনকালে বিচাৰ সম্পন্ন কৰি অভিযুক্ত শিক্ষকক কঠোৰতম শাস্তি দিয়াৰ লগতে ঘটনাটোক ধূসৰ কৰিবলৈ যিসকল চেষ্টা কৰিছে, তেওঁলোকৰো বিচাৰ বিচাৰিছে।

সংগঠনটোৱে লগতে আহ্বান জনাইছে যাতে আৰক্ষীয়ে পূৰ্ণ নিৰপেক্ষ তদন্ত কৰি ন্যায় নিশ্চিত কৰে।

Related Articles