বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীপুৰ দেওৰ গাঁৱৰ পৱিত্ৰ ৰাজবংশীৰ একমাত্ৰ সন্তান সৌৰভ ৰাজবংশী ৷যোৱা ৪ মে’ ত ঘৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি ওলাই গৈছিল গুৱাহাটীলৈ ৷কিন্তু ঘৰৰ পৰা যোৱা দিন ধৰি সৌৰভৰ নাই কোনো খyৰ ৷ফোন এটাও কৰা নাই পিতৃ – মাতৃলৈ৷সৌৰভৰ মোৱাইল চুইটচ অফ থকা কাৰনে পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই সৌৰভৰ লগত ৷উপায়ন্তৰ হৈ পিতৃ – মাতৃয়ে মুছলপুৰ আৰক্ষী থানাত সৌৰভৰ নিৰুদ্ধেশ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰে ৷ ইফালে চ’চিয়েল মিডিয়াত সৌৰভ আলফা ( স্বা) লৈ যোৱাৰ সন্দেহৰ বাতৰি সম্প্ৰচাৰ হৈছে যদিও পিতৃ মাতৃৰ মতে সৌৰভ আলফালৈ যোৱা নাই ৷ হয়টো কিবা কাৰনত মোৱাইল চুইটচ অফ কৰি পৰিয়ালৰ লগত যোগাযোগ ৰাখিব পৰা নাই ৷ ঘৰৰ পৰা যোৱাৰ সময়তো মাতৃক মাত লগাই গৈছিল সৌৰভে ৷ দিনহাজিৰা কামৰ পৰা ঘুৰি আহি সৌৰভক দেখা নোপোৱাৰ কথা কৈ চকুলো টোকে পিতৃ পৱিত্ৰ ৰাজবংশীয়ে৷

দুৰ্ভগীয়া পিতৃ মাতৃৰ আহ্বান সৌৰভ তুমি যতে আছা সোনকালে ঘৰলৈ ঘুৰি আহা ৷অতি নিৰ্যু আৰু উদাৰ স্বভাৱৰ সৌৰভক লৈ গভীৰ দুখ প্ৰকাশ কৰে ওচৰ চুবুৰীয়াইও ৷