হাজোত মানৱ অধিকাৰ সম্পৰ্কীয় সজাগতা সভা

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি মানৱ অধিকাৰ আইন সম্পৰ্কে সজাগতা সভা অনুস্থিত হয়।ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখন সঞ্চালনা কৰে প্ৰধান শিক্ষক চান মহম্মদ আলীয়ে।বৃহত্তৰ বৰছলিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলক লৈ আয়োজন কৰা এই সজাগতা সভাত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ছাইদুৰ ৰহমানে।

ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ,কৰ্তব্য, দায়িত্ব আদি পূংখানূপূংশ ভাৱে  বিশ্লেষন কৰে ৰহমানে।এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক – অভিভাৱিকা আৰু শিক্ষক সকলৰ গুৰুত্ব  সমুহ আলোকপাত কৰা হয়।এই সজাগতা সভাত ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক দিলীপ দাস,সহযোগী অধ্যাপক জিতেন্দ্ৰ ডেকা, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক আবু লেইচ, আৰবী বিভাগৰ সহযোগী অধ্যাপক নজৰুল ইছলাম,বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজ উপস্থিত থাকে।

Related Articles