আলফাৰে সম্পৰ্কত অভিযুক্ত নাজিৰাৰ গেলেকী থানাত তিনি আচামী ক’ভিডত আক্ৰান্ত

নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী আৰক্ষী থানাত তদন্তৰ স্বাৰ্থত অনা তিনিজনকৈ আচামী ক’ভিডত পৰীক্ষা কালত এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে । জানিব পৰা মতে আলফা স্বাধীন সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি অহাৰ অভিযোগত  পুলিন বৰগোহাঞি,(৫২) উজ্বল বুঢ়াগোহাঁই, (২৬) আৰু ৰিংকু বুঢ়াগোহাঁই (২৫) ক এমাহৰ পুৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । শেহতীয়াকৈ গেলেকী আৰক্ষীয়ে তদন্তৰ খাটিৰত নিজৰ জিম্মাত লয় । কিন্তু কালি তিনিও অভিযুক্তক কৰা ক’ভিড পৰীক্ষাৰ ফলাফলত পজিটিভ অহাত আৰক্ষী থানাখনৰো বিষয়া-জোৱানৰ মাজত  উদ্বিগ্নতা বৃদ্ধি পাইছে । ইফালে ক’ভিডত আক্ৰান্ত তিনি অভিযুক্তক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।

Related Articles