Headphones: হেডফোন লোৱাই হ’ল কাল: মাতৃৰ সৈতে ফোনত কি কথা পাতিছিল ?

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ(Headphones)অন্তৰ্গত কুকুৰমাৰাৰ সমীপৰ মধুপুৰত পুৱা ৮.৩০ বজাত ৰে’লে মহটিয়াই নিলে এজন পাহোৱাল ডেকাক৷ জানিব পৰা মতে কামাখ্যা-যোগীঘোপা ব্ৰডগজ ৰে’ল আলিৰে গৈ আছিল মধুপুৰৰ বিদুৰ দাস নামৰ ২০বছৰীয়া যুৱকজন৷ তেনে সময়তে উজনিমুৱা বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা যাত্ৰীবাহী ৰে’লে মহটিয়াই নিয়ে বিদুৰ দাসক৷

মুহূৰ্তৰ ভিতৰতে বিদুৰৰ ভৰি এখন ছিঙি যায়৷ ততাতৈয়াকৈ স্থানীয় লোকে বিজয়নগৰত থকা লাইভ ছেভ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ শুক্ৰবাৰে আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত অগণন গুণমুগ্ধৰ উপস্থিতিত বালাঘাট শ্মশানত সৎকাৰ কৰা হয় বিদুৰৰ মৃতদেহ৷ উল্লেখ্য যে বিদুৰৰ কাণত তেতিয়া মোবাইলৰ হেডফোন আছিল৷ পিতৃহাৰা বিদুৰে খাৰুপেটীয়াৰ পৰা অভ্যৰ্থনাৰ কাম কৰি আহি মাতৃ দময়ন্তী দাসক কুকুৰমাৰাৰ পৰা ফোনযোগে ভাত বনাবলৈ কৈছিল৷

সেয়া আছিল মাতৃৰ সৈতে শেষ বাৰ্তা৷ নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷ মাতৃয়ে ৰান্ধি থোৱা ভাত খাবলৈ ঘৰ নাপালে বিদুৰ দাসে৷ এইগৰাকী সুঠাম-সতেজ পাহোৱাল যুৱকক হেৰুৱাই অঞ্চলবাসী শোকত ভাগি পৰিছে৷ পিতৃৰ মৃত্যুৰ পিছৰে পৰা অত্যন্ত কষ্ট কৰা বিদুৰে দক্ষিণ কামৰূপৰ জনপ্ৰিয় খেল পাহোৱাল ডেকাই হাইগুদু আৰু ৰছী টনাৰ জৰিয়তে অঞ্চলটোত সুনাম অৰ্জন কৰিছিল৷

Related Articles