Breaking

কাজিৰঙাত হস্তী শিবিৰত ৩১ টা হাতীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন…

0 11

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ উদ্যোগত কাজিৰঙাৰ পিলখানাত হস্তী শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা হাতী পিলখানাত বন বিভাগৰ পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা প্রদান কৰা হয়। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়া মতে বন বিভাগৰ মুঠ ৩১টা হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হাতীকেইটাৰ চিকিৎসা কৰি যাৱতীয় ঔষধ প্রদান কৰা হয়। চিকিৎসা শিবিৰত বিশেষকৈ হাতী পোৱালিবোৰক পেলুৰ ঔষধ প্রদান কৰা হয়। আনহাতে, বিভিন্ন কাৰণত পৰস্পৰৰ মাজত আৰু কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত আঘাত পোৱা পোহনীয়া হাতীকো চিকিৎসা কৰা হয়। আঘাতপ্রাপ্ত হাতীক লঘু অস্ত্রোপচাৰ কৰা বুলিও পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় আজিৎ উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত থকা ৩১টা এক পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও আৰু কেইবাটাও হাতী কর্তব্য তথা উদ্যান নিৰাপত্তাৰ কামত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন শিবিৰত থকাৰ বাবে কাইলৈ কৰা হ’ব।

কহঁৰাৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত থকা প্রায় ৭০টা বন বিভাগৰ পোহনীয়া হাতীক পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলিও পশু চিকিৎসকে জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিভাগীয় পোহনীয়া হাতীবোৰৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰি থাকে। কাজিৰঙাত থকা বন বিভাগৰ প্ৰতিজনী পোহনীয়া মাইকী হাতীৰ পোৱালি আছে। এইটো ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত দেখা নাযায়। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে আৰু এই বনৰীয়া মতা হাতীৰ সৈতে পোহনীয়া মাইকী হাতীৰ সংগম হৈ থাকে। ফলত পোহনীয়া হাতীৰ পোৱালিবোৰ স্বাস্থ্যবান হয় বুলি পশু চিকিৎসক ভাস্কৰ চৌধৰীয়ে মত প্রকাশ কৰে। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰৱাৰ- উপৰি উক্ত শিবিৰত বোকাখাত পশু চিকিৎসালয়ৰ চিকিৎসক পম্পী দেউৰী, কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ভাস্কৰ চৌধুৰীৰ লগতে চিকিৎসা কর্মীসকল উপস্থিত থাকি হাতীৰ চিকিৎসা শিবিৰ সম্পন্ন কৰে। উক্ত শিবিৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply