২৮ নবেম্বৰৰ ভিতৰত কোভিড টিকাকৰণৰ প্ৰথম পালি প্ৰতিজন ব্যক্তিক প্ৰদান কৰাৰ লক্ষ্য চাপৰ স্বাস্থ্য বিভাগৰ।ভোটাৰ তালিকা হাতত লৈ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰিব স্বাস্থ্য কৰ্মীয়ে।চাপৰৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ১ লাখ ২ হাজাৰ লোকৰ ভিতৰত ইতিমধ্যে ৯৬ হাজাৰ ব্যক্তিক কোভিড প্ৰথম পালি টিকাকৰণ প্ৰদান। ধুবুৰী জিলাৰ চাপৰ প্ৰগতি ভৱনত স্বাস্থ্য বিভাগৰ নিৰ্দেশত চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত আশা কৰ্মী সকলৰ লগতে বিভিন্ন বৰ্গৰ স্বাস্থ্য কৰ্মী সকলক লগত লৈ কোভিড ভেকচিনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। চাপৰ প্ৰাথমিক চিকিৎসালয়ে ইতিমধ্যে চাপৰ অঞ্চলৰ ১লাখ ২ হাজাৰ লোকৰ ভিতৰত ৯৬ হাজাৰ লোকক প্ৰথম পালি কোভিড টিকাকৰণ প্ৰদান কৰিছে আৰু যি সকল ব্যক্তি এতিয়ালৈ কোভিড টিকাকৰণৰ প্ৰথম পালি লোৱা নাই তেওঁলোকক অহা ১৯ নবেম্বৰ তাৰিখৰ ভিতৰত চিনাক্ত কৰি প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকা লৈ ২০ তাৰিখৰ পিছত ঘৰে ঘৰে গৈ কোভিড ভেকচিন প্ৰদান কৰিব বুলি জানিব পৰা যায়। ইতিমধ্যে চাপৰ স্বাস্থ্য কৰ্মী সকলে চাপৰ অঞ্চলৰ প্ৰতিজন ব্যক্তিক ২৮ নবেম্বৰ ভিতৰত সম্পূৰ্ণ টিকাকৰণ কৰিব বুলি জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- টুইটাৰৰ বায়’ সলনি কৰিলে ৰাহুল গান্ধীয়ে , নিজকে ক’লে – ‘অযোগ্য সাংসদ’!
- আজি ‘মন কি বাত’ৰ ৯৯ সংখ্যক খণ্ডৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…
- ভাৰতীয় দলৰ এদিনীয়া দলৰ পৰা বাদ পৰাৰ পিছত কি ক’লে শিখৰ ধাৱনে?
- ফুলকবিত থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান। কিন্তু, ফুলকবি অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়…
- দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা
- দৰঙৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী
- ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়াত বিশাল ৰাজহুৱা সভা
- নাজিৰাৰ গেলেকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ
- মানিকপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
- কুঁহিয়াৰৰ ৰসৰ গুণাগুণ জানো আহক…