Health: মানৱতাবিহীন চিকিৎসালয় নৰকসদৃশঃ সু-উচ্চ অট্টালিকাই উন্নত চিকিৎসা সেৱা নুবুজাই

বৰ্তমান সময়ত অসমত শিক্ষা খণ্ডতেই (Health) হওক অথবা স্বাস্থ্য খণ্ডতে হওক প্ৰতিদিনে সভাই-সমিতিয়ে কেৱল উন্নয়নৰ শ্ল’গান। একাংশৰ মুখততো অনবৰতে আখৈ ফুটা দি ফুটি থাকে- অসম এতিয়া উন্নতিৰ পথত। অসমত এতিয়া আন্দোলন আছেনে, নে বিক্ষোভ-সমদল আছে। অসমত এতিয়া হেনো উন্নয়নৰ গংগাহে প্ৰৱাহিত হৈ আছে। কিন্তু কথা হ’ল সঁচা অৰ্থতে অসমত উন্নয়নৰ গংগা বৈছেনে ? সঁচাকৈয়ে বিক্ষোভ আন্দোলন নোহোৱা হৈছেনে ? অৱশ্যে আমি যদি একপক্ষীয়ভাৱে লক্ষ্য কৰো তেনেহ’লে দেখিবলৈ পাম- সঁচাকৈয়ে অসমত উন্নয়নৰ গংগা ব’বলৈ ইতিমধ্যে আৰম্ভ কৰিছেই। কাৰণ এতিয়া চৰকাৰী বিনামূলীয়া আঁচনিৰ যি গংগা বৈছে অসমত, কোনে বাৰু এতিয়া কাম কৰি মৰিবগৈ।ৰাস্তা-ঘাটৰ উন্নয়ন, ব্যক্তিগত স্কুলৰ প্ৰসাৰ-প্ৰচাৰ আৰু শ্ৰীবৃদ্ধি, স্বাস্থ্য সেৱাৰ আমূল উন্নয়ন। এতিয়াতো অসমৰ জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰা হৈছে। এইমছ স্থাপন হৈছে আৰু অন্যান্য ৰাজ্যিক চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়, স্বাস্থ্য-উপ কেন্দ্ৰ ইত্যাদি ইত্যাদি বিভিন্ন চিকিৎসা সেৱা কেন্দ্ৰ এতিয়া অসমত উভৈনদী। আনহাতে, অসমৰ সৰু-বৰ সকলো চহৰতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ বিয়াগোম বিয়াগোম চিকিৎসালয়সমূহ। এনে ক্ষেত্ৰত চাবলৈ গ’লেতো অসমত এজনো ৰোগীৰ মৃত্যু হ’বই নালাগিছিল। আগতে মাত্ৰ অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছিল। এতিয়া অসমত প্ৰায় প্ৰতিখন জিলাতে গঢ়ি উঠিছে চিকিৎসা মহাবিদ্যালয় হাস্পতাল। কিন্তু দুৰ্ভাগজনকভাৱে আমি দেখিবলৈ পাই আহিছো যে অসমৰ চিকিৎসা ব্যৱস্থাটোৰ ভিতৰচ’ৰাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই, উন্নত পৰ্যায়ৰ চিকিংসা ব্যৱস্থা নাই। নহ’লেনো কিবা এটা গুৰুতৰ ৰোগ হ’লেই দিল্লী, চেন্নাই, মুম্বাই আদিলৈ ৰোগী ঢপলীয়াইনে ? এয়া অপ্ৰিয় হ’লেও সত্য। আমাৰ জনসাধাৰণক বুজোৱা হৈছে যে আমাৰ চিকিৎসা ব্যৱস্থাৰ উন্নয়নে আকাশ চুইছে। এতিয়া অসমৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত, চকু থৰ হোৱা যোৱাকৈ বনোৱা হৈছে বৃহৎ বৃহৎ চিকিৎসালয়ৰ বিল্ডিং, বিশেষজ্ঞ চিকিৎসক, বিভিন্ন উন্নত ধৰণৰ চিকিৎসা সামগ্ৰী, ৰোগীৰ বাবে বিছনাও আছে পৰ্যপ্ত পৰিমাণে। বিনামূলীয়া বা সামান্য পৰিমাণৰ মূল্য দি ঔষধ ল’বৰ বাবে চৰকাৰী ফাৰ্মাচীও আছে। পিছে এইবোৰ যে ফুটুকাৰ ফেন সেয়া সকলোৱে এতিয়া বুজি উঠিছে। কিন্তু আচল কথাটো হ’ল- চৰকাৰী চিকিৎসালয়লৈ গ’লেই এগৰাকী সাধাৰণ ৰোগীয়ে সন্মুখীন হোৱা প্ৰথম কথাটোৱেই হ’ল ৰোগীয়ে চিকিৎসাৰ বাবে যিখন প্ৰৱেশ-পত্ৰ ল’ব লাগে সেইখনৰো মূল্য বৰ্তমান হ’লগৈ ২০ টকা। তাৰ পিছত পৰীক্ষা-নিৰীক্ষাৰ নামত ভৰিব লগা হয় ধন। মুঠতে যদিও নামত চৰকাৰী হাস্পতাল কিন্তু একমাত্ৰ ডাক্তৰে ৰোগী চোৱাৰ বিনিময়তহে ভৰিবলগীয়া নহয় ধন। বাকী সকলোতে পইচা নাথাকিলে একো কামেই নহয়। কেতিয়াবা সুবিধা বুজি চিকিৎসকেও ৰোগীক অথবা ৰোগীৰ অভিভাৱকক পাকে-প্ৰকাৰে পইচা নিবিচৰাকৈ নাথাকে। অৱশ্যে সকলো ডাক্তৰ নহয়। এতিয়া মূল কথাটো হ’ল- এখন হাস্পতালত আমি ধৰি ল’লো যে ৰোগীৰ বাবে সকলোখিনি আছে। কিন্তু সেয়াই উন্নয়ন নহয় বা হ’ব নোৱাৰে। এখন হাস্পতালৰ উন্নত চিকিৎসা সেৱা বুলি ক’বলৈ হ’লে আমি ক’ব লাগিব- য’ত থাকিব লাগিব ৰোগীক সেৱা-শুশ্ৰূষা কৰাৰ প্ৰকৃত মনোভাব। চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলৰ প্ৰকৃত সেৱাৰ মনোভাব, হাস্পতালখন যিয়ে পৰিচালনা কৰে, হাস্পতালখনৰ তদাৰকৰ ভাৰ যিসকলৰ হাতত থাকে সেইসকল ব্যক্তিৰ সমূহীয়া সেৱাৰ মনোভাৱ কেনে ধৰণৰ এই সকলোবিলাক কথাৰ ওপৰতহে নিৰ্ভৰ কৰা হয় এখন সিকিৎসালয়ৰ উন্নয়নৰ গতি। কিন্তু এই বিষয়বোৰৰ বহু ক্ষেত্ৰত অভাৱ দেখা পোৱাৰ বাবেই সাধাৰণতে চিকিৎসালয়সমূহত প্ৰায়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সততে শুনিবলৈ পোৱা যায় যে ডাক্তৰ সময় মতে চিকিৎসালয়ত উপস্থিত নাথাকে, ডাক্তৰৰ হেমাহিৰ বাবেই বহু ৰোগীৰ মৃত্যু হয়, হাস্পতালৰ নাৰ্ছ বা অন্যান্য কৰ্মচাৰীয়ে ৰোগী অথবা অভিভাৱকক ধন বিচাৰি হাৰাশাস্তি কৰা আদি ঘটনাৰ বিষয়ে। বহু আশাৰে চহৰত থকা চিকিৎসালয়খনলৈ ৰোগী আহে বেমাৰ দেখুৱাবলৈ দূৰ-দূৰণিৰ পৰা। কিন্তু তেওঁলোক যেতিয়া হাস্পতালখন আহি পাই কিবা নজনা কথা এটা বা কিবা সমস্যাৰ কথা সোধা হয় তেন্তে প্ৰায় ভাগ কৰ্মচাৰী, আনকি কৰ্তব্যৰত নাৰ্ছক সুধিলেও কোনেও গুৰুত্ব দিব নোখোজে। ( অৱশ্যে সকলো নহয়) সময়েই নাই তেওঁলোকৰ উত্তৰ দিবলৈ। বিনিময়ত কেতিয়াবা কাৰোবাৰ পৰা ভেকাহিহে খাবলগীয়া হয়। এখন চিকিৎসালয়ত এনেধৰণৰ ব্যৱস্থা হ’ব নালাগে। যিহেতু ডাক্তৰেই হওক বা নাৰ্ছ বা আন কৰ্মচাৰীয়েই হওক তেওঁলোকে যিহেতু এই বৃত্তিটোকে আগ্ৰহেৰে লৈ কৰ্মজীৱনত আগবাঢ়িছে, গতিকে যিকোনো অথবা সাধাৰণ ৰোগীক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাটো সেইসকলৰ কৰ্তব্য। কেতিয়াবা নিশাৰ ভাগত হাস্পতালৰ কোনো কোনো বিভাগত ডাক্তৰেই নাথাকে অথবা শুই থাকে। আমি জানো তেওঁলোকৰো বিশ্ৰামৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু বিশ্ৰাম ল’বলৈ গৈ যাতে নিজৰ দায়িত্ব পাহৰি নাযায় তেওঁলোকে তাৰ প্ৰতি গুৰুত্ব দিয়াতো অতিকে প্ৰয়োজন। কৰ্তব্যক অৱহেলা কৰিব নাপায়। প্ৰায়ে শুনা যায় চৰকাৰী চিকিৎসালয়ৰ কৰ্তব্যৰত কিছুসংখ্যক ডাক্তৰ-নাৰ্ছৰ ব্যৱহাৰ ভাল নহয়। কিন্তু এই বৃত্তিটোৰ প্ৰথম কথাটোৱেই হৈছে ব্যৱহাৰ। এজন ৰোগীক মৰমেৰে মাতষাৰ দিলে ৰোগীজনে ৰোগৰ পৰা বহুখিনি উপশম পায়। তেনেহ’লে সেইখিন কৰিবলৈকে কিয় অপাৰগতা দেখুওৱা হয়। এই কথাবোৰ এই কাৰণেই ক’ব লগা হৈছে, কাৰণ প্ৰায়ে এনে কিছুমান পৰিস্থিতিৰ মুখামুখী কম-বেছি পৰিমাণে হ’ব লগা হয় ৰোগীৰ লগতে অভিভাৱকসকলে। কিন্তু অতি দায়িত্বপূৰ্ণ ডাক্তৰ অথবা কৰ্মচাৰী, নাৰ্ছো আছে যিয়ে তেওঁলোকৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰি আহিছে। কিন্তু সেইসকলৰ সংখ্যা নিচেই তাকৰ। এবাৰ এজন ডাক্তৰে তেওঁ এজন ৰোগীক আপাৰেচন কৰিবলৈ আহি থাকোতে ৰাস্তাত হোৱা অভাৱনীয় যান-জঁটৰ মাজত সোমাই পৰিল। তেওঁ এগৰাকী ৰোগীক এটা নিৰ্দিষ্ট সময়ত গৈ অপৰেচন কৰিবগৈ লাগে। কিন্তু ৰাস্তাত যিটো যান-জঁটৰ মাজত সোমাই পৰিল। সেই যান-জঁট শেষ হওঁতে হওঁতে কিমান সময় লাগিব ঠিক নাই। সেয়ে তৎক্ষণাৎ তেওঁ গাড়ীখনৰ নামি সেই ভিৰ ফালি ফালি হাস্পতাললৈ বুলি দৌৰিবলৈ ধৰিলে। অৰ্থাৎ ৰোগীগৰাকীক অপাৰেচন সঠিক সময়ত গৈ কৰিব নোৱাৰিব বুলি ভাবি ৰোগীগৰাকীৰ কিবা অঘটন হোৱাৰ চিন্তাত তেওঁ যিখন গাড়ীত গৈছিল, সেই গাড়ীখনৰ পৰা নামি হাস্পতাললৈ বুলি দৌৰিবলৈ ধৰিছিল আৰু প্ৰায় ১৫ কিলোমিটাৰ পথ দৌৰি দৌৰি গৈ ঠিক সময়ত হাস্পতাল পাইছিল আৰু ৰোগীৰ অপাৰেচন সম্পন্ন কৰিছিল। আজি কিছুদিন পূৰ্বে এই কৰ্তব্যপৰায়ণ ডাক্তৰগৰাকীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল। এনে ধৰণৰ একাংশ কৰ্তব্যপৰায়ণ কৰ্মচাৰীৰ বাবেই আজিও পৃথিৱীখন সুন্দৰ হৈ আছে। আনহাতে, হাস্পতালসমূহত আজি বোলে মেচিন বেয়া, কাইলৈ এক্স-ৰে মেচিন বেয়া বা এক্স-ৰে প্লেট নাই। আকৌ ডাক্তৰক সহজতে লগ কৰা, তেওঁলোকৰ পৰামৰ্শ লোৱা আদি কামৰ বাবে ৰোগী বা অভিভাৱকৰ যেন ভাগ্য লাগিব। সততে শুনা আন এটা অভিযোগ হ’ল- কৰ্মৰত চিকিৎসক, নাৰ্ছ, অন্যান্য কৰ্মচাৰীৰ ব্যৱহাৰ। বহুতকে এইসকল কৰ্মচাৰীৰ ব্যৱহাৰে অতিষ্ঠ কৰি তোলে, মনত দুখ দিয়ে। এইসকলৰ বাবেই বহু ৰোগী অথবা অভিভাৱকে নানা হাৰাশাস্তিৰো সন্মুখীত হয়। এগৰাকী ৰোগীৰ লগত কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে একাংশ কৰ্মচাৰীয়ে আচলতে নাজানেই। হয়তো এনেবোৰ ঘটনা-পৰিঘটনাৰ বাবেই দুৰ্ভাগ্যজনকভাৱে সৌ সিদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিটাকৈ সদ্যোজাত দেৱশিশু বিছনাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এতি শিশুৱে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হ’ল। আৰু এই দুৰ্ভাগ্যজনক ঘটনাটো নিশ্চয় ঘটিবলৈ পালে কোনোবা কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা, অমনোযোগিতা আৰু চাকৰি এটা কৰিব লাগে কাৰণে কৰি আছো এই মনোভাবৰ ফলতেই। এইটো কোনো সাধাৰত ঘটনা হ’বই নোৱাৰে। এনেবোৰ ঘটনা যদি এখন ইমান গুৰুত্বপূৰ্ণ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হ’বলৈ হয় তেনেহ’লে কিহৰ আধাৰত চৰকাৰ বা কৰ্তৃপক্ষ জবাবদিহি নহ’ব। স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলিয়েইবা কি যুক্তিত ৰাইজক পতিয়ন নিয়াব। এনে বহু ঘটনা প্ৰায়ে ঘটিয়েই থাকে। চিকিৎসাৰ অভাৱত বা ডাক্তৰৰ হেমাহিৰ ফলত বহু ৰোগীয়ে অকালতে প্ৰাণ হেৰুওৱাৰ উদাহৰণো দেধাৰ আছে। চিকিৎসালয়ৰ নামত কোটি কোটি ৰাইজৰ ধন খৰচ কৰি বিয়াগোম অট্টালিকা ঠিকেই সজোৱা হৈছে। ডাঙৰ ডাঙৰ মেচিন আদি কিনা হৈছে ঠিকেই কিন্তু যদি তাত সেৱাৰ মনোভাবেই নাথাকে তেনেহ’লে এই ‘সেৱা’ৰ সাৰ্থকতা ক’ত ? সেৱাৰ মনোভাব নাথাকিলে অসাৰ হৈ পৰিব চিকিৎসা ক্ষেত্ৰখন। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি সেয়াই দেখি আহিছো। উল্লিখিত ঘটনাটোক লৈ এতিয়া ইটোৱে সিটোক ঠেলা খেলখন চলিব। প্ৰথমেই স্বীকাৰ হৈছে এগৰাকী সেইদিনা দায়িত্বত থকা এগৰাকী নাৰ্ছ। ইতিমধ্যে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, তেওঁ যদি কামত সঁচাকে গাফিলতি কৰিছিল তেওঁ শাস্তি পাওক। কিন্তু তেওঁ গাফিলতি কৰিবলৈ সাহস পালে কেনেকৈ। নে আন সকলোবোৰ ঘোৰ নিদ্ৰাত মগ্ন আছিল। এই সকলোবোৰ কোনো লুক-ঢাক নোহোৱাকৈ, পক্ষপাতিত্ব নোহোৱাকৈ বিচাৰ হ’বনে ? এতিয়া আমাৰ কথা হ’ল- কথাবোৰ গা এৰা দিয়া বিধৰ হ’ব নালাগে। এগৰাকী নাৰ্ছক শাস্তি দিলেই এই সমস্যাবোৰৰ সমাধান নহয়। কৰ্তৃপক্ষই কথাবোৰৰ গুৰি উলিয়াই সমাধানৰ চেষ্টা কৰিলেহে চিকিৎসা ক্ষেত্ৰখনৰ সফলতা আহিব। সেৱাৰ মানসিকতা অবিহনে চিকিৎসা সেৱা অসাৰ । মানৱতাহীন চিকিৎসালয় নৰকসদৃশ।

লেখকঃ ভূপেন মহন্ত

Related Articles