অতি শীঘ্ৰে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে চাংসাৰীস্থ এইমছ্, গুৱাহাটী।
অৱশ্যে কভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুণৰ এইমছ্ ৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে।এই কাম-কাজৰ বুজ লবলৈ আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইমছ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে।তেওঁ পৰিদৰ্শন কালত
চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃ বিভাগৰ সেৱা,হোষ্টেল,প্ৰশাসনিক বিভাগ,অতিথি শালাৰ বিল্ডিং আদিৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি সংবাদ মাধ্যমৰ আগত জনায়।এতিয়া কেৱল চাংসাৰীৰ ৫৭১বিঘা ভূমিত দিন-ৰাতি একাকাৰ কৰি চলিছে এইমছ্ ৰ কাম-কাজ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী অহা ১৭ আগষ্টত অসম ভ্ৰমণলৈ আহোতে নিৰ্মাণৰত এই এইমছ্স্থলী পৰিদৰ্শন কৰিবলৈ অহাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে।
চাংসাৰীৰ AIIMS পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
