Health Tips: খাদ্য খোৱাৰ পিছত নকৰিব পাঁচটা কাম, খাদ্য গ্ৰহণৰ পিছত এই পাঁচটা কাম কৰিলে বহু ৰোগৰ বলি হ’ব পাৰে !

খাদ্য গ্ৰহণৰ লগে লগে (Health Tips) কিছুমান কাম কৰিলে আমাৰ স্বাস্থ্যৰ উপকাৰতকৈ বেছি ক্ষতিহে হয়। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কামৰ বিষয়ে ক’ম, যিবোৰ কাম আহাৰ খোৱাৰ লগে লগে কৰিব নালাগে।

খাদ্য খোৱাৰ পিছতে গা ধুলে হজম প্ৰক্ৰিয়াত অসুবিধা হয়। পেটত গধুৰতা হ’ব পাৰে। গতিকে খাদ্য খোৱাৰ পিছত লগে লগে গা নুধুব। খাদ্য খোৱাৰ প্ৰায় আধা ঘণ্টা পিছতহে গা ধুব।

লাহকৈ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে ভাল বুলি কোৱা হয়। কিন্তু বহুতে খাদ্য খোৱাৰ লগে লগে হজম কৰিবলৈ দ্ৰুতগতিত খোজ কাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পাচন প্ৰক্ৰিয়াত সমস্যা হ’ব পাৰে। ইয়াৰ বাবে আপুনি বমি অনুভৱ কৰিব পাৰে। গতিকে খাদ্য খোৱাৰ পিছত প্ৰায় এঘণ্টামান খোজ কাঢ়িব নালাগে বা কোনো ধৰণৰ ব্যায়াম কৰিব নালাগে।

খোৱাৰ পিছত সকলোৱে জিৰণি ল’বলৈ মন যায়। কিন্তু খাদ্য খাই সোনকালে শুলে আপোনাৰ পেটৰ এচিড আপোনাৰ খাদ্যনলীলৈ যাব পাৰে, যাৰ বাবে আপুনি অসহ্যকৰ জ্বলা-পোৰাৰ অনুভৱ কৰিব পাৰে। এই অৱস্থাক আমি হাৰ্টবাৰ্ণ বুলি কওঁ। যদি আপুনি জিৰণি ল’ব বিচাৰে, তেন্তে বহিব পাৰে। ইয়াৰ ফলত পেটৰ এচিড আপোনাৰ খাদ্যনলীত সোমাব নোৱাৰে, যাৰ ফলত হাৰ্টবাৰ্ণ আৰু পেট ফুলাৰ সমস্যা ৰোধ হ’ব।

বহুতে খাদ্য খোৱাৰ পিছতে গৰম চাহ বা কফি খাই ভাল পায়। ইয়াৰ ফলত তেওঁলোকে শক্তিশালী অনুভৱ কৰে যদিও স্বাস্থ্যৰ স্বাস্থ্যৰ ক্ষতি হয়। চাহত থকা টেনিনে আইৰণ শোষণত বাধা দিয়ে। যদি আপোনাৰ শৰীৰত আইৰণৰ অভাৱ হয় বা ৰক্তহীনতাৰ আশংকা থাকে তেন্তে আহাৰ খোৱাৰ লগে লগে চাহ নাখাব।

বহুতে খাদ্য খোৱাৰ পিছত ধূমপান কৰি ভাল পায়। ধূমপানে হজম শক্তি লেহেমীয়া কৰে। যাৰ বাবে পেটৰ খাদ্য হজম ক্ষমতাতো প্ৰভাৱ পৰে। ইয়াৰ ফলত অধিক এচিড উৎপাদন হয়। যদি আপুনি এই সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ধূমপান সম্পূৰ্ণৰূপে এৰি দিয়ক। ইয়াৰ ফলত আপোনাৰ পেট আৰু হাওঁফাওঁ দুয়োটা সুস্থ হৈ থাকিব।

Related Articles