Breaking

‘CAA’ সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ত শুনানি…

0 24

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি গ্রহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। CAAৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা আবেদনৰ হ’ব শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব কৰিব মুঠ ২৩৭ খন আবেদনৰ শুনানি।

ইতিমধ্যে CAAৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, AJYCPৰ লগতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। ১১ মাৰ্চত সমগ্ৰ দেশজুৰি বলৱৎ কৰা হৈছিল CAA।

Leave A Reply