Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়

গৰমে দহিছে ৰাজ্যবাসীক। পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা বাহিৰলৈ। এনে প্ৰচণ্ড গৰমত খোৱাৰ ক্ষেত্ৰটো গুৰুত্ব দিব লাগে। এনে গৰমত নিজকে সদায় হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়।(Heat Wave)

আহিন মাহতো অত্যাধিক গৰমে অসমবাসীক চিন্তিত কৰি তুলিছে। হয়তো ইতিহাসত প্ৰথমবাৰলৈ অসমত ছেপ্টেম্বৰ মাহত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। শুক্ৰবাৰে ৩৯ ডিগ্ৰী হৈছিল গৈ। আগন্তুক ২৪ ঘন্টাত ৪০ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ’ব পাৰে তাপমাত্ৰা।

এনে পৰিস্থিতিত সাৱধানে থকাৰ লগতে খোৱাৰ ক্ষেত্ৰটো অধিক গুৰুত্ব দিয়া উচিত। অধিক পৰিমাণে পানী খোৱাৰ লগতে এনে কিছুমান পানীয়ও খাব লাগে যাতে যাৰ ফলত শৰীৰত তৰল পদাৰ্থ আৰু শক্তিৰ অভাৱ নহয়। এনে গৰম আৰু আৰ্দ্ৰ বতৰত আপুনি কুঁহিয়াৰ ৰস খাব পাৰে। ১০০ গ্ৰাম কুঁহিয়াৰ ৰসত প্ৰায় ২৬৯ কেলৰি থাকে, তথাপিও এই পানী স্বাস্থ্যকৰ। কাৰণ ই আপোনাৰ শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। বহু সময়ত কুঁহিয়াৰ ৰস খালেও আপোনাৰ ভাগৰ নাইকিয়া হয়।(Sugarcane Juice)

এই ৰসত বহুতো পুষ্টিকৰ উপাদান আছে। বহু গৱেষণাত প্ৰকাশ পাইছে যে কুঁহিয়াৰ ৰসে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰণ আৰু মেংগানিজৰ প্ৰচুৰ উৎস। এই পুষ্টিকৰ উপাদানসমূহে শৰীৰৰ কৰ্কট কোষ কমায়। যেতিয়া কোনো ব্যক্তি প্ৰষ্টেট বা স্তন কেন্সাৰত আক্ৰান্ত হয় তেতিয়াও এই ৰস উপকাৰী।(Benefits Of Drinking Sugarcane Juice)

আনহাতে কুঁহিয়াৰ ৰস খোৱাৰ আছে ৫টা আচৰিত উপকাৰ

১) কুঁহিয়াৰ ৰসত আঁহ থাকে, যিয়ে শৰীৰত বৃদ্ধি পোৱা ওজন কমোৱাত সহায় কৰে। লগতে আমাৰ শৰীৰৰ পৰা ওলোৱা সকলো বেয়া কলেষ্টেৰল মাত্ৰা কমাই।

২) কুঁহিয়াৰ ৰসৰ সহায়ত দাঁতৰ ইনামেল আৰু দাঁত শক্তিশালী হয় আৰু ইয়াৰ ফলত দাঁত ক্ষয় হোৱাৰ সম্ভাৱনাও কমে।

৩) গৰমত এগিলাচ ঠাণ্ডা কুঁহিয়াৰ ৰসে শক্তি প্ৰদান কৰে।

৪) পেটৰ লগত জড়িত সমস্যাত ভুগি থকা লোকে কুঁহিয়াৰ ৰস সেৱন কৰিব পাৰে, কাৰণ ই পাচনতন্ত্ৰৰ ৰসৰ নিঃসৰণ বৃদ্ধি কৰাত সহায় কৰে।

৫) যদি মহিলাসকলে নিয়মিতভাৱে কুঁহিয়াৰ ৰস খাই তেন্তে তেওঁলোকে বহু উপকাৰ লাভ কৰিব পাৰে। লগতে প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰে।

সপ্তাহৰ প্ৰতিদিনে অন্ততঃ এক গিলাচ কুঁহিয়াৰ ৰস খাব পাৰে।

Related Articles