heatwave: গৰমে দহিছে ৰাজ্যবাসীক, কোন জিলাত কিমান তাপমাত্ৰা ?

আজি সূৰ্য্যৰ তাপে দহিছে ৰাজ্যবাসীক। (heatwave) গুৱাহাটীত গৰমৰ তাপমাত্ৰা আজি ৩৯ ডিগ্ৰী। আজি গৰমে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ। অত্যাৱশ্যকীয় কাম যদি নাথাকে ঘৰৰ ভিতৰতে থাকক। ঘৰৰ পৰা বাহিৰলৈ গ’লেও সাৱধানে যাব। পানী বটল, স্কাৰ্ফ, চাটি লগত লৈ যাব। মাজে পানী, নেমু পানী, ডাব খাবলৈ নাপাহৰিব। পৰাপক্ষত শিশু আৰু বৃদ্ধসকলক ঘৰতে ৰাখিব।

ৰাজ্যৰ বিভিন্ন জিলাত আজি বাঢ়িছে তাপমাত্ৰা। গুৱাহাটীত ৩৭ ডিগ্ৰী, নগাঁৱত গৰমৰ তাপমাত্ৰা ৩৯ ডিগী, ডিব্ৰুগড়ৰত ৩৭ ডিগ্ৰী, শিৱসাগৰত ৩৭ ডিগ্ৰী, ধুবুৰীত ৩৭ ডিগ্ৰী, মঙলদৈত ৩৮ ডিগ্ৰী। অত্যাৱশকীয় কাম নহ’লে একেবাৰে নোলাব ঘৰৰ ভিতৰৰ পৰা। গৰমৰ দিনকেইটা খোৱা-বোৱা ক্ষেত্ৰটো দিব গুৰুত্ব। য’ধে-ম’ধে খাদ্য নাখাব। শিশু আৰু বৃদ্ধক বাহিৰাৰ খাদ্য একেবাৰে নোখোৱাব।

Related Articles