Breaking

ধুবুৰীত প্ৰচণ্ড ধুমুহাত ব্যাপক ক্ষয়ক্ষতি…

0 1,101

নিশা ধুবুৰীৰ ওপৰেদি  ঘন্টাত ৬০ কিমি বেগত বৈ যোৱা প্ৰচণ্ড ধুমুহা, বৰষুণত জিলাখনত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি কৰিছে। ধুবুৰী চহৰৰ ৩ নং ওয়ার্ড বালুৰচৰ ত  কামনা পাটোৱাৰ ঘৰত  ধুমূহাত প্ৰকাণ্ড গছ এটা বাসগৃহ ৰ ওপৰত বাগৰি পৰাত উক্ত গৃহৰ পৰিৱালৰ সদস্য সকল কথামপি ৰক্ষা পৰে যদি ঘৰখনৰ বিস্তৰ  ক্ষতিসাধন হয়। । ইপিনে ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া মোফাজ্জল চৰকাৰ জনায়, যোৱা নিশা ফকিৰগঞ্জত ঘাট পাৰত বান্ধি থকা অবস্থাত ১১খন নাও প্ৰচণ্ড ধুমুহ বৰষুণত পানীত ডুব যায়, পিচত এচ ডি আৰ এফ বাহিনীৰ দল ৭ খন নাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

আনহাতে ধুমূহাত জিলা খনৰ বিভিন্ন  অঞ্চল ত মুঠ ২৫৪ টা ঘৰ ধুমূহাত ধবংস হৈছে। ২৭ খন গাওৰ ৪ হেজাৰ ৩১১ জন লোক ধুমূহা, বৰষুণত ক্ষতিগ্রস্ত হৈছে। বিশেষ কৈ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল ত বহু হেক্টৰ কৃষিজাত সামগ্রী ক্ষয়ক্ষতি হৈছে। যদিহ কোন ঠাইৰ পৰা কোন লোকৰ আহত , মৃত্যু ৰ বাতৰি পোৱা যোৱা নাই। 

Leave A Reply