ইতিমধ্যে গাড়াখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল বিঘাই বিঘাই কৃষি ভূমিৰ লগতে বাসগৃহ।
দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ নিলগৰ বৰালআলগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে গাড়াখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল বিঘাই বিঘাই কৃষি ভূমিৰ লগতে বাসগৃহ। গড়াখহনীয়াৰ কৱলত পৰি ইতিমধ্যে বৰ্মন লোক সকল নিচ্ছিন্ন হৈ অঞ্চলটোৰ পৰা আন ঠাইলৈ আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে যদিও বৰ্তমান কেইটামান পৰিয়ালৰ আছে অঞ্চলটোত বসবাস কৰি আছে৷ পৰিয়াল কেইটাও বৰ্তমান গড়াখহনীয়াৰ কৱলত পৰি বিনিদ্ৰ ৰজনীৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৷ ক’ত যাব কি কৰিব ইয়াকলৈ চিন্তাত হৈ পৰিছে ৷ বিগত ২/৩ বছৰে ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই এনেদৰে অঞ্চলটোত তাণ্ডৱ চলাই অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁৰ প্ৰতি চৰম ভাবুকি আহিছে বুলি অভিযোগ উত্থাপন কৰি স্থানীয় সাংসদ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈছে উক্ত অঞ্চলৰ ৰাইজ ৷ সাংবাদিকৰ কেমেৰ সন্মুখতে হুকহুকাই কান্দিলে এগৰাকী বৃদ্ধা মহিলাই ৷




