Breaking

অহা ১৭ মে’লৈকে ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ…

0 2,120

অহা ১৭ মে’লৈ উত্তৰ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞানীয়ে জনোৱা মতে, শুকুৰবাৰৰ পৰা অহা ১৭ মে’লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণ হোৱাৰ উপৰিও অসম- মেঘালয়, মণিপুৰ আৰু অৰুণাচলৰ কিছু কিছু ঠাইত বৰষুণৰ লগতে বিজুলী – ধেৰেকণীৰো সম্ভৱনা আছে ।

বংগোপ সাগৰৰ উত্তৰ দক্ষিণ কোণত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱৰ ফলতেই অহা পাচ দিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থাকিব। এই জাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Leave A Reply