দেৰগাঁৱত প্রবল ধুমুহা আৰু শিলাবৃষ্টি

মঙলবাৰে বিয়লি অহা প্রচণ্ড ধুমুহা,শিলাবৃষ্টিৰ ফলত মুহূর্তৰ ভিতৰতেই তচনচ কৰি থৈ গ’ল দক্ষিণ দলিজলীয়া গাঁৱৰ ‘নামৰ’ নামঘৰ।

ধবংসস্তূপত পৰিণত কৰা নামঘৰভাগৰ সন্মূখত স্থানীয় ৰাইজৰ কৰুণ দৃশ্য পৰিলক্ষিত হয়৷

হঠাতে অহা ধুমুহা,শিলাবৃষ্টিৰে সৃষ্টি কৰা অবর্ণনীয় পৰিস্থিৰিৰ পাছতো ৰহস্যজনকভাৱে নির্বিকাৰ হৈ থকা দেখা গ’ল জিলা প্রশাসন আৰু প্রশাসনৰ অধীনৰ দুযোর্গ প্রশমন বিভাগ৷

অতি শীঘ্ৰে ক্ষতিগ্রস্ত নামঘৰভাগ পৰিদৰ্শন কৰি উপযুক্ত সাহায্য প্রদান কৰিবলৈ চৰকাৰলৈ আহ্বান অঞ্চলটোৰ ৰাইজৰ।

-ৰঙামাটি, দিব্য জ্যোতি কাকতি

Related Articles